মাটিৰ চাকিৰে মানচিত্ৰ আঁকি স্বাধীনতা দিৱস পালন

By

Published : Aug 16, 2021, 9:51 AM IST

thumbnail
দেৰগাঁৱতো ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন ৷ দেৰগাঁও ৰাজহ চক্ৰৰ উদ্যোগত নৰেন শৰ্মা স্মৃতি পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় দিৱসটি ৷ এই উপলক্ষে দেওবাৰে পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে চক্ৰ বিষয়া চিৰঞ্জীৱ দাসে ৷ ইয়াৰ পাছত অনুষ্ঠিত সভাত বিধায়ক ভবেন্দ্ৰনাথ ভৰালীয়ে ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানটোত হাৰিয়ানাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেৰগাঁৱৰ প্ৰান্তিকা গগৈ আৰু অভিনৱ গগৈৰ লগতে মুক্তিযোদ্ধা গণেশ হাজৰিকাক সম্বৰ্ধনা জনোৱা হয় ৷ ইফালে দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়তো পালন কৰা হয় ৭৫ তম স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷ পতাকা উত্তোলন কৰে দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱাশীষ শৰ্মাই ৷ তদুপৰি কুৰালগুৰি সংগঠিত শক্তিৰ উদ্যোগত নিশা ব্যতিক্ৰমী ৰূপত মাটিৰ চাকিৰে ভাৰতৰ মানচিত্ৰ অংকন কৰি স্বাধীনতা দিৱস উদযাপন কৰা হয় ৷ উক্ত অনুষ্ঠানত প্ৰায় 500 গটি বন্তি প্ৰজ্বলন কৰা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.