thumbnail

বিশ্বনাথত লক ডাউন জাৰিৰ সম্ভাৱনা প্ৰকট

By

Published : Jun 20, 2021, 8:15 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান বৃদ্ধি পাই আছে ক’ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা । ৰাজ্যৰ আন আন জিলাৰ লগতে বিশ্বনাথ জিলাতো তীব্ৰ গতিত বৃদ্ধি পাইছে ক’ভিড-১৯ ৰ সংক্ৰমণ ৷ ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে, যদি এইদৰে তীব্ৰ গতিত জিলাসমূহত ক’ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি পাই, তেন্তে জিলাসমূহত লক ডাউন ঘোষণা কৰা হ’ব । এইক্ষেত্ৰত বৰ্তমান ৰাজ্যৰ ৫/৬ খন জিলাত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱা দেখা গৈছে । ইয়াৰ ভিতৰত বিশ্বনাথ জিলাতো দৈনিক বৃদ্ধি পাইছে ক’ভিড-১৯ ৰ গণ সংক্ৰমণ । বৰ্তমান সময়লৈকে বিশ্বনাথ জিলাত 4,219 জন লোকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ ৰ উপস্থিতি । তাৰ ভিতৰত ইতিমধ্যে 3,315 জন সুস্থ হৈ উঠিছে যদিও 44 জন লোকে ক’ভিড-১৯ আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে । এইক্ষেত্ৰত জিলা প্ৰশাসন ক’ভিড-১৯ নীতি নিয়মক লৈ কঠোৰ হোৱা পৰিলক্ষিত হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.