হায়দৰাবাদ: ভাৰতত দুটা নতুন 5G স্মাৰ্টফোন মুকলি কৰাৰ প্ৰস্তুতি চলাইছে ছেমছাঙে । এই ফোন দুটাৰ নাম হ’ব Samsung Galaxy M16 5G আৰু Galaxy M06 5G । কোম্পানীটোৱে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে এই দুয়োটা ফোন মুকলি হ’ব বুলি ইংগিত দিছে । অৱশ্যে এই ফোন দুটাৰ মুকলিৰ নিশ্চিত তাৰিখ এতিয়াও ঘোষণা কৰা নাই ছেমছাঙে । অৱশ্যে এই দুটা ফোনৰ কিছু সবিশেষ তথ্য পোহৰলৈ আহিছে । ইয়াৰ বিষয়ে জানো আহক--
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত ছেমছাঙে মুকলি কৰা এটা পোষ্ট অনুসৰি এই দুয়োটা ফোন অতি সোনকালে ভাৰতত মুকলি কৰা হ’ব । ই-কমাৰ্চ ৱেবছাইট আমাজনতো এই দুটা ফোনৰ পোষ্টাৰ প্ৰকাশ কৰা হৈছে ৷ ইয়াৰ দ্বাৰা জানিব পৰা গৈছে যে কোম্পানীটোৱে এই ফোনসমূহ আমাজনত বিক্ৰীৰ বাবে উপলব্ধ কৰিব ।
ছেমছাঙৰ মুকলি হ’বলগীয়া দুটা ফোন
Prepare to witness the true Monster power that can't be beaten.
— Samsung India (@SamsungIndia) February 23, 2025
Stay tuned to know more. #CantBeatTheMonster #GalaxyM06 5G #GalaxyM16 5G #Samsung pic.twitter.com/Vtwo0MXMIE
আমাজনত প্ৰকাশিত প্ৰচাৰমূলক পোষ্টাৰত দেখা গৈছে ছেমছাং গেলেক্সি এম 16 5 জি আৰু গেলাক্সি M06 5G ৰ বেক ডিজাইন । এই দুয়োটা ফোনৰ পিছফালে এটা কেপচুল টাইপ কেমেৰা মডিউল দিয়া হৈছে, যিটো পিছফালৰ বাওঁ অংশত দেখিবলৈ পোৱা গৈছে । ছেমছাং গেলেক্সি এম 16 5G ৰ বেক কেমেৰা ছেটআপত তিনিটা কেমেৰা চেন্সৰ দিয়াৰ বিপৰীতে ছেমছাং গেলেক্সি এম06 5Gৰ বেক কেমেৰা ছেটআপত দুটা বেক কেমেৰা চেন্সৰ দিয়া হৈছে । এই দুয়োটা ফোনৰ পিছফালে থকা কেমেৰা মডিউলৰ কাষত এটা ফ্লেছ লাইট দিয়া দেখা গৈছে ।
গীকবেঞ্চত দেখা গৈছিল ছেমছাং গেলেক্সি এম06 5G মডেল নম্বৰ এছএম-এম166P ৰ সৈতে । এই তালিকাৰ পৰা দেখা গৈছে যে ফোনটোক প্ৰচেছৰৰ বাবে MediaTek Dimensity 6300 SoC চিপছেট দিব পাৰি । এই চিপছেটৰ জৰিয়তে কোম্পানীয়ে এই ফোনত 8 GB ৰেম দিব বুলি আশা কৰা হৈছে । ইয়াৰ উপৰিও এই ফোনটো এণ্ড্ৰইড 14 ৰ ওপৰত ভিত্তি কৰি One UI 6 OS ত চলিব ।
লগতে পঢ়ক