thumbnail

By

Published : Dec 26, 2021, 2:21 PM IST

ETV Bharat / Videos

Illigal Liquor Seized : কলিয়াবৰত বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান

কলিয়াবৰৰ মিছা অঞ্চলত কলিয়াবৰ আৰক্ষী আৰু মিছা আৰক্ষীয়ে যুটীয়া অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে ৷ শনিবাৰে নিশা চলোৱা এই অভিযানত আৰক্ষীৰ দলটোৱে মিছা অঞ্চলৰ বিভিন্ন স্থানৰ পৰা প্ৰায় 70 হাজাৰ টকা মূল্যৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় (Illegal liquor seized at Kaliabor) । সমাগত 31 ডিচেম্বৰৰ নিশা যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি তথা দুৰ্ঘটনা সংঘটিত নহয়, তাৰ বাবে এতিয়াৰ পৰাই তৎপৰ হৈ পৰিছে কলিয়াবৰ আৰক্ষী ৷ উল্লেখ্য যে, 16 ডিচেম্বৰত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) ই ৰাজ্যৰ সুৰাপায়ীসকলক কঠোৰ সকীয়নী প্ৰদান কৰিছিল ৷ আনকি 31 ডিচেম্বৰত ৰাজ্যত সুৰাপান কৰি গাড়ী চলোৱা চালক (Drinking And Driving) সকলক আৰক্ষীৰ আলহী হ’ব লাগিব বুলিও মন্তব্য কৰিছিল ৷ মুখ্যমন্ত্ৰীগৰাকীৰ এই ভাষ্য প্ৰকাশৰ পিছতে কলিয়াবৰ আৰক্ষী এইক্ষেত্ৰত অধিক সষ্টম হৈ পৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.