thumbnail

অখিল গগৈক মুক্তি নিদিলে পুনৰ কা আন্দোলনৰ হুংকাৰ

By

Published : Dec 9, 2020, 4:48 PM IST

Updated : Dec 9, 2020, 9:40 PM IST

কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত শিৱসাগৰত 18 টাকৈ জাতীয় সংগঠনৰ সংবাদ মেল ৷ কা বিৰোধী আন্দোলনত অংশ লোৱাৰ অপৰাধত বিগত বৰ্ষৰ 12 ডিচেম্বৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক আটক কৰিছিল আৰক্ষীয়ে ৷ তাৰ পাছতে আৰক্ষীয়ে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াৰ হাতত অৰ্পন কৰিছিল কৃষক নেতাগৰাকীক ৷ এটাৰ পাচত আন এটাকৈ বহুকেইটা গোচৰ জাপি দি কাৰাৰুদ্ধ কৰা হ'ল অখিল গগৈক ৷ অখিল গগৈৰ লগতে ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰকো আটক কৰিছিল নিয়াই ৷ কিন্তু পৰৱৰ্তী সময়ত তিনিওকে জামিনত মুকলি কৰি দিয়ে যদিও বৰ্তমানেও কৰাবান্দী হৈ আছে অখিল গগৈ ৷ এটা বছৰ সম্পূৰ্ণ হ’বৰ হ’ল কিন্তু আজিলৈকে জামিন লাভ নকৰিলে কৃষক নেতা গৰাকীয়ে ৷ অখিল গগৈক এইদৰে কাৰাবন্দী কৰি ৰখাত বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অগপৰ সভাপতি অতুল বৰাক অসমীয়া জাতীয় জীৱনৰ চিৰশত্ৰু আখ্যা শিৱসাগৰৰ ১৮ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ৷ যদিহে কৃষক নেতা গৰাকীক মুক্তি নিদিয়ে তেন্তে বিগত বছৰৰ দৰে ১১ ডিচেম্বৰৰ পৰা শিৱসাগৰত দ্বিতীয় লানি কা বিৰোধী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা, ঐক্য সেনা অসম, অনুসূচীত জাতি ছাত্ৰ সন্থাকে ধৰি ১৮ সংগঠনে ৷
Last Updated : Dec 9, 2020, 9:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.