ক’ভিড ৰোগীৰ অভিভাৱকে কি দৰে দিন কটায় হাস্পতালত !

By

Published : Jun 2, 2021, 9:40 PM IST

thumbnail
মহামাৰী ক’ৰণাৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৄষ্টি কৰিছে । দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো ক’ৰণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত হাস্পতাল সমূহত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । অৱশ্যে চৰকাৰে জাৰি কৰা কিছু নীতি-নিৰ্দেশনাৰ ফলত সংক্ৰমণৰ হাৰ কিছু কমিছে যদিও ক’ৰণাত মৃত্যু হোৱা সংখ্যা হ্ৰাস পোৱা নাই । তেনে সময়তে পোহৰলৈ আহিছে কোনেও গুৰুত্ব নিদিয়া এটা দিশ হৈছে ক’ভিড ৰোগীসকলৰ অভিভাৱকসকল হাস্পতালৰ চৌহদত কি পৰিবেশত থাকিবলগীয়া হয় তথা কেনেদৰে পাৰ কৰিছে দিন-ৰাতি । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ একাংশ ক’ৰণা ৰোগীৰ অভিভাৱকৰ কাষত উপস্থিত হৈছিল আমাৰ ইটিভি ভাৰতৰ সাংবাদিক হেমন্ত শৰ্মা । অভিভাৱক সকলে কি ক’লে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.