ৰৌতাত ভূমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ সংঘাত
🎬 Watch Now: Feature Video
ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত সিধাখোৱা গাঁৱত শুকুৰবাৰে ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ দুই পক্ষৰ প্ৰচণ্ড মাৰপিটত গৰ্ভৱতী মহিলা সহ আহত হয় কেইবাগৰাকী লোক ৷ মৰিয়ম বেগম নামৰ মহিলা গৰাকীৰ ঘৰৰ মাটিত বিপৰীত পক্ষই ট্ৰেক্টৰেৰে হাল বাবলৈ অহাত বাধা দিবলৈ যাওঁতে মাৰপিট সংঘটিত হোৱাৰ অভিযোগ ৷ এজাহাৰত উল্লেখ কৰা অনুসৰি আতাব আলী, আব্দুল ৰছিদ, কৰিম আলী, আব্দুল ৰফিক, কালাচানকে আদি কৰি প্ৰায় দহ জনীয়া দল এটাই লাঠি-জোং, ডেগাৰেৰে আক্ৰমণ কৰা বুলি ভুক্তভোগীয়ে অভিযোগ কৰিছে ৷ এই ভয়ংকৰ মাৰপিটত ছমৰ আলী, আজাদ আলী, ৰুকিয়া বেগম আৰু হুনুফা বেগম আঘাতপ্ৰাপ্ত হয় ৷ ইয়াৰে আহত হুনুফা বেগম নামৰ মহিলা গৰাকী 7 মাহৰ গৰ্ভৱতী আছিল । আনহাতে বিপৰীত পক্ষৰ লোকো কিছু পৰিমানে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে । এই সন্দৰ্ভত মৰিয়ম বেগম নামৰ মহিলাগৰাকীয়ে ৰৌতা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ সম্প্ৰতি আৰক্ষীয়ে আহত সকলক প্ৰাথমিক চিকিৎসা কৰোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷