যোগেন মহনক মৰাণস্থিত নিজ দল সংগঠনৰ সম্বৰ্ধনা
🎬 Watch Now: Feature Video
মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ লোৱাৰ পাচত পূৰ্বৰ ৰাজ্যিক মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে নতুন মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীত্ব লাভ কৰিছে । নতুনকৈ কেবিনেট মন্ত্ৰীত্ব লাভ কৰাৰ পাচত বৃহস্পতিবাৰে প্ৰথমবাৰলৈ মৰাণস্থিত নিজ বাসগৃহত মন্ত্ৰী যোগেন মহন উপস্থিত হোৱাত দলীয় কৰ্মী সকলে ক'ভিড নীতি-নিয়ম পালন কৰি মন্ত্ৰীজনক উষ্ম আদৰণী জনায় । আনফালে মন্ত্ৰী জনৰ গৃহতে অনুষ্টুপীয়াকৈ আয়োজিত এক অনুষ্ঠানত মাহমৰা সমষ্টিৰ বিভিন্ন দল সংগঠন তথা বিজেপিৰ দলীয় কৰ্মী সকলে মন্ত্ৰী মহনক সম্বৰ্ধনা জনায় । সম্বৰ্ধনা গ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে উপস্থিত ৰাইজক শুভেচ্ছামূলক বক্তব্য আগবঢ়াই সকলোকে ক'ভিড নীতি-নিয়ম পালন কৰি চলিবলৈ আহ্বান জনায় ৷ ক'ভিডৰ ভয়াৱহতাৰ সময়ত সকলোৱে পাৰস্পৰিক সহযোগিতাৰে পৰিস্থিতিৰ সৈতে যুদ্ধ কৰিব লাগিব বুলিও মন্ত্ৰী মহনে মন্তব্য কৰে ৷