thumbnail

Covid 19: সমগ্ৰ বিশ্বৰ তথ্য

By

Published : Nov 1, 2020, 4:29 PM IST

কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে বিশ্বৰ প্ৰায় 4,63,94,211 গৰাকী ব্যক্তি ৷ তদুপৰি আক্ৰান্তসকলৰ ভিতৰত মৃত্য়ুবৰণ কৰিছে 12,00,405 গৰাকীয়ে ৷ আক্ৰান্তসকলৰ ভিতৰত সমগ্ৰ বিশ্বত প্ৰায় 3,34,87,910 গৰাকীয়ে আৰোগ্য লাভ কৰে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 94,02,590 গৰাকী ব্যক্তি আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুক সাৱটি লৈছে 2,36,072 গৰাকীয়ে ৷ সম্প্ৰতি আমেৰিকাত কৰ’ণা ভাইৰাছৰ দ্বিতীয় পৰ্যায়ৰ ঢৌৱে ছুই যোৱা বুলি অনুমান কৰা হৈছে ৷ সমগ্ৰ বিশ্বৰ কৰ’ণা আক্ৰান্তৰ তালিকাৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে ভাৰতবৰ্ষই ৷ ভাৰতত 81,84,082 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে 1,22,149 গৰাকীয়ে মৃত্যুবৰণ কৰে ৷ ইউৰোপৰ অধিকাংশ দেশত শীতৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ অনুমান কৰা হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.