টীয়কৰ দক্ষিণপাট আশ্ৰমী সত্ৰত গণেশ চতুৰ্থী উদযাপন - Ganesh Chaturthi celebrations at Teok

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 10, 2021, 7:38 PM IST

আজি গনেশ চতুৰ্থী ৷ হিন্দু ধৰ্মাৱলম্বীসকলে সকলো দেৱ দেৱতাৰ পূজাৰ পূৰ্বে মহাদেৱ-পাৰ্বতীৰ পুত্ৰ গণেশ প্ৰভূক পূজা অৰ্চনাৰ আগবঢ়ায় ৷ সেই নীতি-নিয়ম অৱলম্বন কৰিয়েই শুকুৰবাৰে সমগ্ৰ দেশতে আৰম্ভ কৰিছে গণেশ পূজা ৷ ৰাজ্যৰ আন সমূহ ঠাইগ দৰে টীয়কৰ ঐতিহাসিক দক্ষিণপাট গৃহ আশ্ৰমী সত্ৰৰ গণেশ মন্দিৰটো উদযাপন কৰা হৈছে গণেশ চতুৰ্থী ৷ পুৱাই বৈদিক নীতি-নিয়মেৰে বিনায়কৰ প্ৰতিমাৰ সন্মুখত পূজা অৰ্চনা আৰম্ভ কৰা হৈছে ৷ ভক্তসকলে পূজা অৰ্চনাৰ সমান্তৰালকৈ গণেশ বন্দনা শ্ৰৱণ কীৰ্ত্তন কৰি পৰিবেশ অধিক জীপাল কৰি তুলিছে ৷ লগতে এই পবিত্ৰ ক্ষণতে বিশ্ব শান্তিৰ বাবে প্ৰভূ বিনায়কৰ চৰণত সেৱা আগবঢ়াইছে ৷ উল্লেখযোগ্য যে,পূৰ্বৰে পৰা এই আশ্ৰমী সত্ৰত গণেশ পূজাভাগ দিনযোৰা কাৰ্যসূচীৰে উলহ মালহে উদযাপন কৰি অহা হৈছে ৷ অৱশ্যে যোৱা 8 চেপ্তেম্বৰ তাৰিখে যোৰহাটৰ নিমাতি ঘাটত যি হৃদয়বিদাৰক ফেৰী দুৰ্ঘটনা সংঘটিত হৈছে সেই ঘটনাই সমগ্ৰ পৰিবেশ শোকাকুল কৰি তুলিছে ৷ তৎসত্তেও পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি পূজাভাগ অনুস্থিত কৰাৰ লগতে আহত তথা নিখোজ ব্যক্তিসকলৰ সহায়ৰ বাবে প্ৰভূ গণেশৰ চৰণত সেৱা আগবঢ়াই চৰকাৰক যোৰহাট মাজুলী সংযোগী প্ৰস্তাবিত পকী দলংখন অনতি বিলম্বে নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.