কুঁৱলীৰ মায়াজাল ফালি মাজুলীত গঁড়ৰ মৰ্ণিং ৱাক - Free roaming of Rhino in Majuli
🎬 Watch Now: Feature Video

শীতৰ কুঁৱলী ফালি মাজুলীত এঘৰ মানুহৰ বাৰীৰ মাজে মাজে প্ৰাতঃভ্ৰমণ এটা গঁড়ৰ ৷ সোমবাৰে পুৱা মাজুলীৰ গ্ৰেজিং বগৰীগুৰি চাপৰিত মুক্তভাৱে বিচৰণ কৰা দেখা যায় (Free roaming of Rhino in Majuli) এটা গঁড়ক ৷ বিগত কেইবাদিনো ধৰি মাজুলীৰ দক্ষিণপাট, চুমৈমাৰি অঞ্চলত বিচৰণ কৰি আছিল এই গঁড়টোৱে ৷ অঞ্চলটোৰ অধিকাংশ লোকৰে বাৰীৰ শস্য নষ্ট কৰে গঁড়টোৱে ৷ বন বিভাগৰ লোকে গঁড়টো কাজিৰঙালৈ খেদি পথাবলৈ আপ্ৰাণ চেষ্টা চলাই যদিও ব্যৰ্থ হয় ৷ পূৰ্বতেও মাজুলীৰ বহু অঞ্চলত কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ে মুক্ত বিচৰণ কৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷ গঁড়ৰ মুক্ত বিচৰণে শংকিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক ৷