লোকবাদ্য আৰু নৃত্যৰে 'সূৰ্যোদয়'ৰ অভূতপূৰ্ব সমাদৰ - নগাঁও
🎬 Watch Now: Feature Video
অসমৰ ক্ৰমাৎ লোপ পাবলৈ ধৰা লোক বাদ্য আৰু নৃত্যক এক উপযুক্ত মঞ্চ দিয়াৰ মানসেৰে বহাগ বিহুৰ পূৰ্বেই কেইগৰাকীমান যুৱকৰ প্ৰচেষ্টাত গঠন হৈছিল 'সূৰ্যোদয়' নামেৰে এক লোকনৃত্য তথা বাদ্যযন্ত্ৰ দল ৷ খোল, তাল, ডবা, নেগেৰা, ঢোল, পেঁপা, বাঁহী, দোতাঁৰা, খঞ্জৰী, বাঁহেৰে নিৰ্মিত জাইল'ফ'ন, ৰেপনি আদি ব্যৱহাৰেৰে এক অতিব সুন্দৰ বাদ্যৰ সমাহাৰ সৃষ্টি কৰে যুৱককেইজনে