ভৱানীপুৰত পাঁচজনকৈ প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন - এআইইউডিএফ
🎬 Watch Now: Feature Video
ৰাজ্যত 30 অক্টোবৰত হ’ব পাঁচ সমষ্টিৰ উপ-নিৰ্বাচন ৷ আজি অৰ্থাৎ 8 অক্টোবৰ আছিল মনোনয়ন প্ৰত্ৰ দাখিলৰ অন্তিম দিন ৷ সেই অনুসৰিয়েই ভৱানীপুৰ সমষ্টিৰ বাবে পাঁচ গৰাকী প্ৰাৰ্থীয়ে বজালী জিলা নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন প্ৰত্ৰ দাখিল কৰে ৷ উল্লেখযোগ্য যে, সদ্য এআইইউডিএফ ত্যাগ কৰি ফণীধৰ তালুকদাৰে বিজেপিত যোগদান কৰাৰ পাছতে খালী হৈ পৰিছিল ভৱানীপুৰৰ আসনখন ৷ সেই গৰাকী ফণীধৰ তালুকদাৰেই আজি বিজেপিৰ প্ৰাৰ্থী হৈ মনোনয়ন প্ৰত্ৰ দাখিল কৰিছে ৷ মনোনয়ন প্ৰত্ৰ দাখিল কৰাত নেতা গৰাকীক সংগ দিয়ে বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বিধায়ক ফণীভূষণ চৌধুৰী ৷ একেদৰে এআইইউডিএফৰ প্ৰাৰ্থী জুব্বাৰ আলীয়ে মনোনয়ন প্ৰত্ৰ দাখিল কৰে নিৰ্বাচনী বিষয়াৰ হাতত ৷ আনহাতে কংগ্ৰেছৰ হৈ সমষ্টিটোত মনোনয়ন প্ৰত্ৰ দাখিল কৰে শৈলেন্দ্ৰ নাথ দাসে ৷ প্ৰাৰ্থী গৰাকীক সংগদিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিধায়ক তথা কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিধায়ক ছিদ্দিক আহমেদ আৰু বিৰোধীৰ দলপতি দেবব্ৰত শইকীয়াই ৷