37 নং ৰাষ্ট্ৰীয় ঘাইপথত মাছৰ উজান - মাছ ধৰিবলৈ ওবুৰি খাই পৰিল বন-কৰ্মী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 22, 2021, 6:07 PM IST

Updated : Jun 22, 2021, 10:44 PM IST

মঙলবাৰে দূপৰীয়া কলিয়াবৰৰ বুঢ়াপাহৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত উঠিল মাছৰ উজান ৷ এখন পোনা মাছ কঢ়িওৱা গাড়ীৰ পৰা ওলাই পৰা পোনা মাছ ধৰিবলৈ ওবুৰি খাই পৰিল বন-কৰ্মী আৰু আৰক্ষী ৷ প্ৰখৰ ৰ'দৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ ৰেঞ্জৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত মাছ ধৰিবলৈ দৌৰা-দৌৰি বনকৰ্মী সকলৰ মাজত ৷ প্ৰকৃততে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ স্পীড বেকাৰৰ ওপৰৰে এখন মাছ ভৰ্তি বাহন তীব্ৰ বেগত পাৰ হোৱাৰ ফলত এইদৰে পথৰ মাজত পৰি যায় পোনা মাছ ৷ পথৰ ওপৰত পৰি যোৱাত মাছ ধৰিবলৈ বনকৰ্মী সকলৰ লাগিল হেতা-ওপৰা ৷
Last Updated : Jun 22, 2021, 10:44 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.