ETV Bharat / state

দৰমহাৰ এহেজাৰ টকা আনিবলৈ গৈ মৃত্যু মাতৃৰ, চিকিৎসাধীন পুত্ৰ - PROTEST IN JORHAT

হিট এণ্ড ৰাণ ঘটনাৰ ন্যায় বিচাৰি ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ চাহ শ্ৰমিকৰ । ২০ লাখ টকাৰ সাহাৰ্য প্ৰদানৰ দাবী ।

Protest demanding one-time aid from govt to tea worker who died in a road accident in Jorhat
হিট এণ্ড ৰাণ ঘটনাৰ ন্যায় বিচাৰি ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 1, 2025, 5:59 PM IST

যোৰহাট: চাহ শ্ৰমিকৰ প্ৰতিবাদত শনিবাৰে উত্তপ্ত হৈ পৰে যোৰহাট । যোৰহাটৰ চিনামৰাত সংঘটিত হিট এণ্ড ৰান ঘটনাৰ ন্যায় বিচাৰি পুৱাই ওলাই আহিল হাজাৰ হাজাৰ শ্ৰমিক । ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে মুৰমুৰীয়া চাহ বাগিচাৰ ২৭ নম্বৰ লাইনৰ লক্ষীমণি গোৱালাই পুত্ৰ ৰাহুলৰ সৈতে পুৱাই ওলাই আহিছিল যোৰহাটলৈ বুলি ।

বাগানত কাম কৰাৰ বিনিময়ত তেওঁ লাভ কৰিছিল সাপ্তাহিক দৰমহা আৰু সাপ্তাহিক দৰমহা বেংকৰ পৰা লৈ নিশা ঘৰ অভিমুখে পুত্ৰৰ সৈতে খোজকাঢ়ি আহি থকা সময়ত গাট্টানী প্লাইবৰ্ড ফেক্টৰী দিশৰ পৰা আহি থকা এখন দ্ৰুতবেগী ট্ৰাকে চিনামৰাত মাতৃ-পুত্ৰক মহটিয়াই লৈ যায় ।

হিট এণ্ড ৰাণ ঘটনাৰ ন্যায় বিচাৰি ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবা (ETV Bharat Assam)

ঘটনাস্থলীতে মৃত্যু হয় লক্ষীমণি গোৱালাৰ । ইফালে সংকটজনক অৱস্থাত তেওঁৰ পুত্ৰ ৰাহুল ওৰাঙক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । বৰ্তমান মৃত গোৱালাৰ সন্তানে চিকিৎসালয়ৰ আই চি ইউত মৃত্যুৰে যুঁজি আছে । এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছিল শুকুৰবাৰে নিশা প্ৰায় ৭ বজাত ।

এগৰাকী মহিলাক হত্যা কৰা আৰু তেওঁৰ সন্তানক মৃত্যুৰ দুৱাৰদলিলৈ ঠেলি দিয়া ঘটনাত জড়িত থকা ট্ৰাকখন জব্দ কৰি ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰদানৰ লগতে ক্ষতিপূৰণ দিয়াৰ দাবীত শনিবাৰে পুৱাৰ ভাগত মুৰমুৰীয়া চাহ বাগিচাৰ শ্ৰমিকসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । ক্ষোভিত প্ৰতিবাদকাৰীসকলে ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ ফলত যোৰহাট-মৰিয়নী সংযোগী পথৰ দুয়োকাষে যান-বাহনসমূহ আবদ্ধ হৈ পৰে ।

ইফালে পৰিস্থিতি বেয়াৰ দিশলৈ গতি কৰাৰ ফলত উক্ত স্থানত প্ৰশাসনৰ লোক উপস্থিত হৈ আৰক্ষী-চি আৰ পি এফ মোতায়েন কৰি উপস্থিত প্ৰতিবাদকাৰী শ্ৰমিকৰ সৈতে আলোচনাত মিলিত হৈ সাতদিনৰ ভিতৰত তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

সমগ্ৰ ঘটনা সন্দৰ্ভত এগৰাকী প্ৰতিবাদকাৰীয়ে কয়, "দুৰ্ঘটনাত নিহত হোৱা লক্ষীমণি গোৱালাৰ পৰিয়ালক ক্ষতিপূৰণ তথা পুত্ৰ ৰাহুল ওৰাঙৰ চিকিৎসাৰ সমস্ত খৰচ চৰকাৰে ব্যয় কৰিব লাগিব । নিহত শ্ৰমিকগৰাকীৰ পৰিয়ালক ২০ লাখ টকাৰ এককালীন সাহাৰ্য অসম চৰকাৰে দিব লাগিব । প্ৰশাসনৰ বিষয়াসকল উপস্থিত হৈ আমাৰ দাবীসমূহ এসপ্তাহৰ ভিতৰত পূৰণ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে । যদি এসপ্তাহৰ ভিতৰত এই প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰে তেন্তে আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম ।"

লগতে পঢ়ক: পেটৰ জ্বালা সহিব নোৱাৰি ওলাই আহিছিল বনৰজা ! মানুহৰ মাৰত শেষ নিশ্বাস - LEOPARD KILLED IN DIBRUGARH

নিশা ঘৰৰ পৰা ওলাই যোৱা কংকনৰ শিৰশ্ছেদ কৰিলে কোনে ? - SENSATION MURDER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.