Ujjwala scheme: ডিব্ৰুগড়ত শুভাৰম্ভ কেন্দ্ৰীয় চৰকাৰৰ উজ্বলা আঁচনি - Ujjwala scheme
🎬 Watch Now: Feature Video
ডিব্ৰুগড়ত বিতৰণ উজ্বলা 2.0 ৰ অধীনত বিনামূলীয়া এল পি জি(LPG) সংযোজন । উজ্বলা 1.0 ৰ পাচত এইবাৰ উজ্বলা 2.0 ৰ অধীনত ১ কোটি পৰিশিষ্ট হিতাধিকাৰী মহিলাৰ মাজত বিতৰণ কৰা হয় বিনামূলীয়া এল পি জি সংযোজনৰ অভিলাষী আঁচনি । শুকুৰবাৰে ডিব্ৰুগড়ত উজ্বলা 2.0 ৰ আঁচনিৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । ডিব্ৰুগড়ৰ আউনি আটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত বহু হিতাধিকাৰী মহিলাক বিনামূলীয়া এল পি জি সংযোজন বিতৰণ কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক প্ৰশান্ত ফুকনৰ লগতে ডিব্ৰুগড়ৰ বিভিন্ন গেছ এজেঞ্চীৰ স্বতাধিকাৰীসকল আৰু বিভিন্ন ঠাইৰ পৰা অহা হিতাধিকাৰীসকল । এই সভাৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা অভিলাষী উজ্বলা আঁচনিৰ পৰা বহু পৰিয়াল উপকৃত হোৱাৰ কথাও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।