চাপৰত বন বিভাগৰ উচ্ছেদ অভিযান

By

Published : Aug 19, 2021, 5:01 PM IST

thumbnail
বৃহস্পতিবাৰে ধুবুৰী জিলাৰ চাপৰৰ সংৰক্ষিত বনাঞ্চলৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে অভিযান চলায় বন বিভাগে । চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চান্দৰডিঙাত এই উচ্ছেদ অভিযান চলোৱা হয় । ধুবুৰী বন বিভাগে ১৬ জন বেদখলকাৰীলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল । জাননী লাভ কৰাৰ পাছতে কেইবাটাও পৰিয়ালে নিজেই ঘৰ ভাঙি নিছে যদিও দুটা পৰিয়ালৰ বাসগৃহৰ বাকী থকা বেৰ আদি আঁতৰাই পেলায় প্ৰশাসনে । উক্ত উচ্ছেদ অভিযানত উপস্থিত থাকে বন বিভাগৰ বিষয়া, আৰক্ষী বিষয়া আৰু চাপৰ ৰাজহ চক্ৰৰ বিষয়াসকল । প্ৰশাসন আৰু বন বিভাগে অভিযান চলাই উচ্ছেদ কৰে ১৬ টা পৰিয়ালৰ বাসগৃহ । আগন্তুক সময়তো ধুবুৰী জিলাৰ সংৰক্ষিত বনাঞ্চলত এনেদৰে উচ্ছেদ অভিযান চলাই যাব বুলি বন বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । সংৰক্ষিত বনাঞ্চলত বাস কৰিবলৈ বাৰে বাৰে বাধা দিয়াৰ পাছতো একাংশ লোকে অবৈধভাৱে বনাঞ্চলত বাসগৃহ সাজি গাঁও সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে । প্ৰশাসনৰ নিৰ্দেশলৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা ঠাইত বাস কৰি আহিছিল এই লোকসকলে । অৱশেষত বুধবাৰে বেদখলকাৰীক উচ্ছেদ কৰা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.