অখিল আৰু অনুসূচিত জাতিৰ মাজত মাত্ৰ ভুল বুজাবুজিহে হৈছিল !

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 18, 2021, 1:47 PM IST

অৱশেষত অন্ত পৰিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মাজত সৃষ্টি হোৱা বিবাদৰ ৷ অখিল গগৈৰ কাষতে বহি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি পৰশজ্যোতি দাসে ঘোষণা কৰিলে এই কথা ৷ পৰশজ্যোতি দাসে ঘোষণা কৰা অনুসৰি, অখিল গগৈ আৰু অনুসূচিত জাতিৰ মাজত মাত্ৰ মাথো ভুল বুজাবুজিহে সৃষ্টি হৈছিল ৷ উল্লেখ্য যে, অনুসূচিত জাতি সমাজক তৰল শব্দ ব্যৱহাৰ কৰি অপমান কৰা বুলি অভিযোগ উত্থাপন কৰি বিধায়ক গৰাকীৰ পৰা নিঃস্বৰ্ত ক্ষমা খোজাৰ দাবী উত্থাপন কৰি আহিছিল অনুসূচিত জাতি ছাত্ৰ সন্থাই । যাৰ ফলত শিৱসাগৰ নগৰত বিধায়কগৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰিছিল অনুসূচিত জাতি ছাত্ৰ সন্থাই ৷ কিন্তু মঙলবাৰে নিশা অখিল গগৈৰ নিমন্ত্ৰণ ক্ৰমে শিৱসাগৰ আৱৰ্ত ভৱনত বিধায়কগৰাকীৰ সৈতে দীঘলীয়া আলোচনাত মিলিত হয় অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয়-ববীয়াসকল ৷ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয়-ববীয়াসকলে বিধায়ক গৰাকীয়ে ইচ্ছাকৃতভাৱে এনে মন্তব্য কৰা নাছিল বুলি সদৰী কৰে ৷ লগতে এই বিতৰ্কৰ অন্ত পৰা বুলি ঘোষণা কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.