নাৰায়ণপুৰত চিঙিল মথাউৰি - সোৱণশিৰি
🎬 Watch Now: Feature Video
উজনি - নামনি সকলোতে বানৰ তাণ্ডৱ ৷ নাৰায়ণপুৰত পুৱতি নিশা চিঙিল কাচিকটা নৈৰ মথাউৰি ৷ সোৱণশিৰি সুতিৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলতে কাচিকটা নৈৰ সোঁত বৃদ্ধি ৷ যোৱা বছৰো একে স্থানতে চিঙিছিল মথাউৰি ৷ জলমগ্ন ৰাইদঙ্গীয়া, ধনগোলৈ, হোলাগুৰি, বৰদেউৰী, সোণাৰীবাৰী, চকিয়াল, পাদীগাঁও, হোলাগুৰিকে ধৰি প্ৰায় দহখনৰ অধিক গাঁও ৷ প্লাৱিত গাঁওকেইখনৰ ৰাইজৰ মাজত খাদ্য আৰু বাসস্থানৰ অভাৱ ৷ মথাউৰিৰ ওপৰতে নিৰাপদ স্থানৰ সন্ধান ৰাইজৰ ৷