thumbnail

By

Published : Dec 22, 2021, 9:54 AM IST

ETV Bharat / Videos

Kerala lawyer Ranjit sreenivasan murder case : ধুবুৰীত জ্বলিল কেৰালাৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা

কেৰালা বিজেপিৰ অ’বিচি মৰ্চা (Kerala BJP OBC Morcha) ৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা অধিবক্তা ৰঞ্জিত শ্ৰীনিবাসনক 19 ডিচেম্বৰৰ দিনা নিজ বাসগৃহত অচিনাকী দুৰ্বৃত্তই নৃশংসভাৱে হত্যা (Ranjit Sreenivasan murder case) কৰে ৷ ইয়াৰ পিছতে দেশৰ অন্যান্য প্ৰান্তৰ দৰে অসমৰো ৰাজনৈতিক মহলত এক খলকনিৰ সৃষ্টি হৈছিল ৷ মঙলবাৰে ধুবুৰীত এই হত্যাকাণ্ডৰ ন্যায় বিচাৰি কেৰালাৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে জিলাখনৰ অ’বিচি মৰ্চাৰ কৰ্মকৰ্তাসকলে (BJP OBC Morcha protest at Dhubri) ৷ প্ৰতিবাদকাৰীসকলে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজায়নৰ পুত্তলিকা দাহ কৰাৰ লগতে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰি তোলে ধুবুৰীৰ আকাশ-বতাহ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.