সীমান্তৰ ছাত্ৰ-ছাত্ৰীক লৈ এছ এছ বিৰ শিক্ষামূলক ভ্ৰমণ - ছাত্ৰ-ছাত্ৰীক লৈ এছ এছ বিৰ শিক্ষামূলক ভ্ৰমণ
🎬 Watch Now: Feature Video
ভাৰত-ভূটান সীমান্তৰ ৰাইজৰ আৰ্থ-সামাজিক উন্নয়ন আৰু জীৱনৰ মান উন্নত কৰাৰ লক্ষ্যৰে ২৭ বি এন সসস্ত্ৰ সীমা বলে বাক্সা জিলাৰ ১৪ গৰাকী ছাত্ৰ ছাত্ৰীক লৈ আৰম্ভ কৰিছে এক শিক্ষামূলক ভ্ৰমণ কাৰ্যসূচী (Educational tour by SSB) ৷ বৰপেটাৰ হাউলীস্থিত সসস্ত্ৰ সীমা বলৰ চাউনিত উক্ত শিক্ষামূলক ভ্ৰমণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ পতাকা জোকাৰি উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এছ এছ বিৰ ৰঙিয়াস্থিত হেড কোৱাৰ্টাৰৰ উপ-মহাপৰিদৰ্শক জগদীপ পাল সিঙে ৷