ধুবুৰীত সুকলমে সম্পন্ন হ’ল দেৱী বিসৰ্জন প্ৰক্ৰিয়া - দেৱী বিসৰ্জন
🎬 Watch Now: Feature Video
ঢাক-ঢোল আৰু দেৱী বন্দনাৰে মুখৰিত হৈ থকা ৰাজ্যৰ প্ৰতিটো প্ৰান্ত শুকুৰবাৰৰ নিশালৈ নিজম হৈ পৰে । সোমবাৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক শুকুৰবাৰে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে ধুবুৰীবাসীয়ে । সুকলমে সম্পন্ন হ’ল দেৱী বিসৰ্জন । আনন্দ-উৎসৱৰ মাজেৰে মা দেৱী দুৰ্গাক পূজা-অৰ্চনা কৰাৰ লগতে দেশৰ মংগলৰ হকে সকলোৱে প্ৰাৰ্থনা কৰে । বিশেষকৈ ক’ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে প্ৰাৰ্থনা কৰে দেৱী দুৰ্গাক । শুকুৰবাৰে দুপৰীয়াৰ পৰা ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ ঘাটত জিলা প্ৰশাসনৰ উদ্যোগত দেৱী দূর্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হয় । নিশা ৯.৩০ বজালৈকে শান্তিপূৰ্ণভাৱে সম্পন্ন হয় দেৱী বিসৰ্জন প্ৰক্ৰিয়া । অৱশ্যে ইয়াৰ মাজতে সম্পূৰ্ণৰূপে ক’ভিড প্ৰট’কল ভংগ কৰি অধিকাংশ পূজা কমিটিয়ে ট্ৰাকত উচ্চ ক্ষমতা সম্পন্ন চাউণ্ড চিষ্টেম লগাই হেজাৰ হেজাৰ ভক্তক লৈ শোভাযাত্ৰা কৰি বিসৰ্জন ঘাটত উপস্থিত হোৱা দেখা যায় ।