খাদ্যৰ অভাৱত জনাঞ্চললৈ ঢাপলি কাজিৰঙাৰ বন্যপ্ৰাণীৰ - প্ৰয়োজনীয় খাদ্যৰ অভাৱ
🎬 Watch Now: Feature Video

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পানী ক্ৰমান্বয়ে কমি আহিছে যদিও প্ৰয়োজনীয় খাদ্যৰ অভাৱত জনাঞ্চললৈ ওলাই আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহু বন্যপ্ৰাণী ৷ এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ দগাঁৱত মুক্ত বিচৰণ এটা গঁড়ৰ । দগাঁৱৰ মুকলি পথাৰৰ মাজত খাদ্য বিচাৰি অনাই বনাই ঘূৰি ফুৰাৰ দৃশ্য বন্দী হ'ল ই টি ভাৰতৰ কেমেৰাত ৷