thumbnail

By

Published : Sep 13, 2021, 4:58 PM IST

ETV Bharat / Videos

বিহালীৰ ৰাংছালীত ব্ৰহ্মপুত্ৰত উদ্ধাৰ নথি-পত্ৰ বেগ

বিশ্বনাথ জিলাৰ বিহালীৰ ৰাংচালী অঞ্চলৰ ব্ৰহ্মপুত্ৰত উদ্ধাৰ এজন ব্যক্তিৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ সহ পৰিচয় পত্ৰ । এটা বেগত উদ্ধাৰ এই নথি-পত্ৰসমূহ । বেগটোৰ ভিতৰত আছে লখিমপুৰ জিলাৰ ঢকু‍ৱাখানাৰ মদন পেগু ন‍ামৰ লোক এজনৰ AS-07R-8009 নম্বৰৰ এখন বাহনৰ পঞ্জীয়ন কাৰ্ড, মদন পেগুৰ নামৰ লোকজনৰক বেংকৰ চেক বুক, মদন পেগুৰ ভোটাৰ কাৰ্ড, প‌ান কাৰ্ড, বিভিন্ন বেংকৰ এটিএম কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু কেইখন মান নথি-পত্ৰ । আনহাতে এই বেগটোতে আছে ছামেদ আলি নামত থকা AS-06V-2198 নম্বৰৰ বাইকৰ পঞ্জীয়ন কাৰ্ড ৷ বিহালীৰ ৰাংছালী অঞ্চলৰ কেইজনমান মাছমৰীয়াই বেগটো প্ৰত্যক্ষ কৰি বেগটোৰ ভিতৰৰ পৰা এই সামগ্ৰীখিনি উদ্ধাৰ কৰে আৰু বেগটো বিহালী দক্ষিণ ৰাংছালী গাঁও ৰক্ষীবাহিনী সাধাৰণ সম্পাদক উদয় দাসৰ হাতত চমজাই দিয়ে । ইফালে, দাসে উক্ত নথি-পত্ৰ সমূহ বিহালী আৰক্ষীক চমজাই দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.