নলবাৰীৰ ঐতিহাসিক বালিলেচা দেৱালয়ত আয়োজন কালী পূজা - পাল বংশীয় ৰজা
🎬 Watch Now: Feature Video
আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীৰ ঐতিহাসিক বালিলেচা দেৱালয়তো আয়োজন কৰা হৈছে কালী পূজা ৷ পাল বংশীয় ৰজাসকলে খ্ৰীষ্টপূৰ্ব দশম শতিকাতে স্থাপন কৰা ঐতিহাসিক নলবাৰীৰ শ্ৰীশ্ৰী বালিলেচা কালী দেৱালয়ত মাৰ আশীৰ্বাদ ল’বলৈ ভক্তই ভীৰ কৰা পৰিলক্ষিত হৈছে ৷ আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দি দিনজোৰা কাৰ্যসূচীৰে দেৱালয়খনত আয়োজন কৰা হৈছে কালী পূজা ৷ উল্লেখ্য যে, দহ শতিকাত নিৰ্মাণ কৰা উক্ত কালী দেৱালয়খন আহোমৰ ৰাজত্ব কালত পুনঃনিৰ্মাণ কৰিছিল ৷ কিন্তু ১৮ শতিকাত বৰভূঁইকপত দেৱালয়ৰ মন্দিৰবোৰ মাটিৰ তলত পোত গৈ বিলুপ্ত বিলুপ্ত হয় যদিও শিৱ মন্দিৰৰ মণিকুট এতিয়াও বিৰাজমান হৈ আছে । ৰাতিপুৱাৰ পৰা বিভিন্ন ঠাইৰ ভক্তসকল আহি চাকি বন্তি জ্বলাই দেৱীৰ আশীষ লয় ।