গুৱাহাটী : শুকুৰবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটে পাম তেলৰ খেতিক নগদী শস্য হিচাপে শ্ৰেণীবদ্ধ কৰাৰ বাবে অনুমোদন জনাইছে । কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় । আনহাতে, কেবিনেটে কাঠ-ভিত্তিক উদ্যোগসমূহৰ প্ৰচাৰ আৰু বিকাশৰ বাবে ঔদ্যোগিক সম্পত্তি ঘোষণাৰ বাবেও নিৰ্দেশনাত অনুমোদন জনাইছে বুলি তেওঁ লগতে কয় ।
ইয়াৰ উপৰিও সমবায় সমিতিৰ জৰিয়তে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰা দুগ্ধ উৎপাদকসকলৰ বাবে প্ৰতি লিটাৰত ৫ টকাৰ ৰাজ সাহায্যৰ বাবেও অনুমোদন জনায় ৰাজ্যিক কেবিনেটে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে যোৰহাট আৰু ডিব্ৰুগড়ত দুটা নতুন দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্পত অনুমোদন জনোৱা হৈছে । ধেমাজি আৰু কাছাৰত এনে ধৰণৰ আৰু দুটা গোটৰ পৰিকল্পনা কৰা হৈছে ।
কেবিনেটে সাম্প্ৰতিক প্ৰয়োজনীয়তা প্ৰতিফলিত কৰিবলৈ আৰু নগৰীয়া বানপানীৰ দৰে নগৰীয় সমস্যা সমাধানৰ বাবে অসম নগৰ আৰু দেশ সঞ্চালকালয়ৰ পূৰ্ণ গঠনত অনুমোদন জনাইছে । এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । আনহাতে, চাহ পৰ্যটনৰ প্ৰচাৰৰ বাবে কেবিনেটে ডিব্ৰুগড়ৰ লেপেটকাটা চাহ বাগিচা আৰু শোণিতপুৰৰ দুৰুং চাহ বাগিচাত দুটা প্ৰকল্পত অনুমোদন জনায় । কেবিনেটে ক্ষুদ্ৰ পাচলি আৰু পাণ-তামোল বিক্ৰেতাসকলক যিকোনো ধৰণৰ মাচুল পৰিশোধ কৰাৰ পৰা ৰেহাই দিয়াৰ প্ৰস্তাৱটোতো অনুমোদন জনায় ।
উল্লেখ্য যে, শুকুৰবাৰে দিছপুৰ লোকসেৱা ভৱনত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত সৃষ্টি হোৱা অচলাৱস্থা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বক্তব্য ৰাখে । মুখ্যমন্ত্রীয়ে কয়, "পঞ্চায়ত নিৰ্বাচনক লৈ এটা সমস্যা আহিছে । পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত অনুষ্ঠিত কৰিবলৈ এমাহ সময় লাগে । উচ্চ ন্যায়ালয়ে আজি ৰায়দান দিব বুলি আমি অপেক্ষা কৰি আছিলো । সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নিবিচাৰে । বিশেষকৈ বিধানসভা নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে ।"
তেওঁ লগতে কয়, "আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে উদগ্ৰীৱ হৈ বহি আছো । কিন্তু এই পৰ্যন্ত ৰায়দান অহা নাই । আজি নিশা ১২ বজালৈ ৰায়দান নাপালে আমি পঞ্চায়ত নিৰ্বাচনটো মেট্ৰিক নাইবা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পাছলৈকে লৈ যাব লাগিব । কাৰণ ১৪ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ হ'ব । গতিকে দিন ঘোষণা কৰিলে এমাহ সময় লাগে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ।"