দীঘলীপুখুৰীৰ বুকুলৈ নামিছে জাকে জাকে শৰালী হাঁহ - দীঘলীপুখুৰীৰ বুকুলৈ নামিছে জাকে জাকে শৰালী হাঁহ
🎬 Watch Now: Feature Video

ঐতিহাসিক দীঘলীপুখুৰীৰ অভিজাত্যই পূৰ্ণতা লাভ কৰিলে । প্ৰথমবাৰৰ বাবে জাকে জাকে শৰালী হাঁহ দীঘলীপুখুৰীৰ বুকুলৈ নামি আহি পূৰ্ণতা প্ৰদান কৰিলে দীঘলীপুখুৰীৰ অভিজাত্যক । কভিড-১৯ কৰ'ণা ভাইৰাছৰ আতংকত স্তব্ধ হৈ পৰিছে সমগ্ৰ বিশ্ব । শান্ত হৈ পৰা পৃথিৱীত এতিয়া মুকলি মানে বিচৰণ কৰিছে পক্ষীকুলে । নাই কোনো যান্ত্ৰীকতা, নাই মানুহৰ সমাগম, সম্পূৰ্ন স্তব্ধ দীঘলীপুখুৰীৰ প্ৰকৃতি । দীঘলীপুখুৰীৰ স্তব্ধ প্ৰকৃতিক পৰিবেশে হাত বাউলি মাতিছে শ শ শৰালী হাঁহক ৷