আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত কঠোৰ হ’ব ডিব্ৰুগড় জিলা প্ৰশাসন - পল্লৱ গোপাল ঝাৰ মন্তব্য

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 11, 2021, 10:14 AM IST

ৰাজ্যৰ অন্য জিলাসমূহৰ দৰে ডিব্ৰুগড় জিলাৰ ক’ভিড (Covid) পৰিস্থিতি কিছু সুস্থিৰ হৈ উঠিছে যদিও প্ৰতিদিনে জিলাখনৰ বিভিন্ন ঠাইত ক’ভিড ৰোগী চিনাক্ত হৈ আছে । ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিডৰ নতুন নিৰ্দেশনা (SOP) মতে, ৰাজ্যৰ বহু জিলাৰ লগতে ডিব্ৰুগড়ত ক’ভিড নীতি-নিয়মত কিছু শিথিলতা আনিছে যদিও আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে ৰাজ্য চৰকাৰে । কিন্তু কাৰ্যক্ষেত্ৰত জিলাখনত আন্তঃজিলা যাতায়াতৰ কোনো নীতি-নিয়ম মানি চলা নাই ৰাইজে । সেয়েহে ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি ডিব্ৰুগড়ত আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত কঠোৰ হ’ব আৰক্ষী-প্ৰশাসন । জিলাখনৰ সীমান্তত আৰক্ষীয়ে কটকটীয়া কৰিব তালাচী ব্যৱস্থা । এই কথা সদৰী কৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা (Pallav Gopal Jha)ই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.