ধুবুৰীৰ মডেল হাস্পতালত চিকিৎসা নে, মদৰ আড্ডা! - DHUBRI MODEL HOSPITAL CONTRO NEWS
🎬 Watch Now: Feature Video
তৰুণ গগৈ চৰকাৰৰ দিনত ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত নির্মাণ কাৰ্য আৰম্ভ হৈছিল মডেল হাস্পতালৰ। ৰাজ্যৰ আন সমষ্টিৰ লগতে ধুবুৰী বিধানসভা সমষ্টিত নিৰ্মাণ কৰা এখন কোটি টকীয়া মডেল হাস্পতাল কি অৱস্থাত আছে ? ধুবুৰী বিধান সভা সমষ্টিৰ ভাৰত বাংলা সীমান্তৰ কালাহাট গাঁও পঞ্চায়ত এলেকাৰ কিছমত হাচদহ অঞ্চলত ৫ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কাৰ্য আৰম্ভ হয় এইখন মডেল হাস্পতালখনৰ। ইতিমধ্যে এবছৰ পূৰ্বে হাস্পতালখনৰ নির্মাণকাৰ্য সম্পূৰ্ণ হৈছে । সম্পূৰ্ণ হৈ উঠিছে চিকিৎসক-নাৰ্চ আৰু ষ্টাফৰ আবাসগৃহ। কিন্তু চিকিৎসালয় আৰু চিকিৎসকৰ আবাসগৃহ সম্পূৰ্ণ হৈ উঠিলেও চিকিৎসালয়ৰ পৰা কোনো সুবিধা লাভ কৰা নাই এই বৃহত্তৰ সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে। বিপৰীতে হাস্পতালখন এতিয়া বিভিন্ন অসমাজিক কাৰ্যৰ থলীত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ চাওক আমাৰ এক প্ৰতিবেদন....