বজালীত পহুমৰাৰ ভয়াৱহ ৰূপ - পাটাছাৰকুছি
🎬 Watch Now: Feature Video

এফালে নেৰানেপেৰা বৰষুণ আৰু আনফালে ভূটানৰ কুৰিছু বান্ধৰ পানী এৰি দিয়াৰ সন্দেহ । তেনে পৰিস্থিতিত মঙলবাৰে পুৱা বজালী মহকুমাৰ কেন্দুগুৰীৰ সমীপৰ দলৈ গাঁৱত পহুমৰা নদীয়ে মাথাউৰি খহায় তাণ্ডৱৰ সৃষ্টি কৰিছে । প্ৰায় ৭০ মিটাৰ মথাউৰি খহায় নি পহুমৰাই ত্ৰাসৰ সৃষ্টি কৰিছে । যাৰ পৰিণতিত বজালীৰ দলৈ গাঁও, কেন্দুগুৰী, বামাখাটা , মুগুৰীয়াকে আদি কৰি কেবাখনো গাঁও বানত ডুব গৈছে । আনহাতে কেন্দুগুৰী কৰদৈগুৰী গড়কাপ্তানী ৰাজপথেৰেও তীব্ৰ গতিত পানী বাগৰিছে ।