প্ৰেছৰ নামত সান্ধ্য আইন উলংঘা উদণ্ড যুৱকৰ
🎬 Watch Now: Feature Video
যোৰহাট জিলাৰ টীয়কত লাহদৈগড় আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা আটক কৰিলে প্ৰেছ লিখা এখন বিলাসীবাহন সহ এজন যুৱকক । সান্ধ্য আইন অমান্য কৰি অবাধে ঘুৰি ফুৰা বুলি যুৱকজনৰ বিৰুদ্ধে অভিযোগ ৰাইজৰ ৷ স্থানীয় একাংশ লোকে আটক কৰি আৰক্ষীক গতাই দিয়ে যুৱকজনক। যুৱকজন কাকজান অঞ্চলৰ তন্ময় বৰা বুলি জানিব পৰা গৈছে । ইফালে কৰ'ণা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে ইতিমধ্যে যোৰহাট জিলাৰ লগতে 7খনকৈ জিলাত পুনৰ লকডাউন ঘোষণা কৰে চৰকাৰে ৷ কিন্তু চৰকাৰে জাৰি কৰা সান্ধ্য আইন উলংঘা কৰি এনেদৰে একাংশ লোকে হকে-বিহকে প্ৰেছকে ধৰি বিভিন্ন বিভাগৰ ভুৱা অনুমতি পত্ৰ ব্যক্তিগত বাহনত আৰি অবাধে ঘূৰি ফুৰা পৰিলক্ষিত হৈছে । অতিশীঘ্ৰে আইন উলংঘাকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে ৰাইজে ৷