বিলাসীপাৰাত অব্যাহত গৰু-ম’হৰ ছিণ্ডিকেট

By

Published : Jul 4, 2021, 8:11 AM IST

thumbnail
বিলাসীপাৰা (BILAHIPARA)ৰ শালকোচা আৰক্ষীয়ে শনিবাৰে সন্ধিয়া যমদুৱাৰ দ্বিতীয় খণ্ড গাঁৱৰ পৰা চোৰাংকৈ অনা পাঁচটা ম’হ আৰু দুটা গৰু জব্দ কৰে (COW AND BUFFALO SEIZE) ৷ পশুধনসমূহ বাংলাদেশলৈ (Bangladesh) সৰবৰাহৰ চেষ্টা চলাওতে শালকোচা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ সৰবৰাহকাৰীয়ে আৰক্ষীৰ উপস্থিতিৰ উমান লাভ কৰি পলায়ন কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চোৰাংকৈ অনা পশুধনসমূহ গৌৰাং নদীৰে বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল ৷ বৰ্তমান জব্দ কৃত পশুধনসমূহ চৰকাৰী খোৱাৰত ৰখা হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.