বিশ্বনাথৰ বাঘমৰা দৈনিক বজাৰত ক’ভিডৰ নতুন নীতি উলংঘন একাংশৰ
🎬 Watch Now: Feature Video
দেশ তথা ৰাজ্যত ভয়ানকভাৱে বৃদ্ধি পাইছে কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ ৷ কিন্তু সচেতন হোৱা নাই ৰাজ্যৰ সাধাৰণ জনতা ৷ বৃহস্পতিবাৰে বিশ্বনাথ জিলাৰ বাঘমৰা দৈনিক বজাৰত কভিড-১৯ নতুন নীতি উলংঘন কৰা দেখা গৈছে ৷ শেহতীয়াকৈ দেশত হোৱা ক’ভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুনকৈ ক’ভিড-19 ৰ নীতি নিৰ্দেশনা জাৰি কৰিছে । সন্ধিয়া 6 বজাৰ লগে লগে সকলো দোকান বজাৰ শ্বপিং মল বন্ধ হোৱাৰ লগতে দোকান-হোটেলত ৫ জনৰ অধিক লোক সমাগম হ’ব নোৱাৰিব । কিন্তু বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানা অন্তৰ্গত নিজ বাঘমৰা দৈনিক বজাৰত তাৰ বিপৰীত দৃশ্য দেখা গ’ল ৷ 6 বজাৰ পাছতো একাংশ লোকে প্ৰশাসনে জাৰি কৰা নীতি উলংঘা কৰি মাস্ক নিপিন্ধাকৈ বজাৰত ঘূৰি ফুৰা পৰিলক্ষিত হয় ৷