ETV Bharat / state

পেলনীয়া কলগছো হ’ব পাৰে জীৱিকাৰ পথ - BANANA FIBRE

জাৰ্মানীত সমাদৃত অসমৰ কলগছৰ আঁহ । লখিমপুৰৰ আইনা ৱেলফেয়াৰ ফাউণ্ডেচনে কলগছৰ পৰা আঁহ উৎপাদন কৰি জাৰ্মানীলৈ প্ৰেৰণ কৰি আহিছে ।

Success story of making Banana Fiber from waste
কলগছৰ আঁহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 5:31 PM IST

লখিমপুৰ :

‘‘তিনিশ ষাঠি জোপা ৰুবা কল, মাহেকে পষেকে চিকুণাবা তল ।

পাত পছলা লাভত খাবা, লংকাৰ বনিজ ঘৰতে পাবা ৷৷’’

- এয়া অসমীয়া সমাজত অতীজৰ প্ৰচলিত আপ্তবাক্য । কলগছৰ পৰা যে আৰ্থিকভাৱে লাভাম্বিত হ’ব পাৰি তাহানিতে সেই কথা এনেদৰে প্ৰচলিত হৈছিল । সময় সলনি হ’লেও, কিন্তু এই আপ্তবাক্য ফাঁকিৰ প্ৰাসংগিকতা লোপ পোৱা নাই । বৰং বৃদ্ধিহে পাইছে ।

জাৰ্মানীত সমাদৃত অসমৰ কলগছৰ আঁহ (ETV Bharat Assam)

কলৰ খেতিৰে লংকাৰ বণিজ্য ঘৰতে পাবলৈ সম্ভাৱনীয়তা কঢ়িয়াই আনিছে লখিমপুৰৰ আইনা ৱেলফেয়াৰ ফাউণ্ডেচনে । কলগছৰ পৰা আঁহ প্ৰস্তুত কৰি তেওঁলোকে জাৰ্মানীলৈ প্ৰেৰণ কৰি আহিছে । কাপোৰকে ধৰি বিভিন্ন সা-সামগ্ৰী নিৰ্মাণত অসমৰ কলগছৰ আঁহৰ প্ৰচুৰ চাহিদা আছে জাৰ্মানীত ।

Success story of making Banana Fiber from waste
কলগছৰ আঁহ (ETV Bharat Assam)

পিছে দেশখনত কলগছৰ চাহিদা অনুযায়ী আঁহ যোগান ধৰিব পৰা নাই । কলগছৰ অভাৱেই ইয়াৰ মূল কাৰণ বুলি অভিহিত কৰিছে আইনা ৱেলফেয়াৰ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক কাৰ্যবাহী সঞ্চালক কৃষ্ণ প্ৰতীম বৰদলৈয়ে । প্ৰকল্প সঞ্চালক নিবাৰণ বৰুৱায়ো সংবাদ মাধ্যমৰ আগত সেই একেই কথাকে ক’লে ।

লগতে পঢ়ক : গৱেষণাধৰ্মী মুখাশিল্পৰে স্বাৱলম্বিতাৰ বাট বুলাইছে প্ৰদীপ হাজৰিকাই

উল্লেখ্য যে, আইনা ৱেলফেয়াৰ ফাউণ্ডেচনে কলগছৰ পৰা আঁহ আহৰণ কৰাৰ প্ৰক্ৰিয়াত উৎপন্ন হোৱা জাৱৰ কেঁচুসাৰ উৎপাদনত ব্যবহাৰ কৰিব পাৰি । গাহৰিৰ ফাৰ্মতো ইয়াক ব্যৱহাৰ কৰিব পৰা যায় ৷ তাৰ পৰা ওলোৱা পানী সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি । এই সন্দৰ্ভত অচিৰেই লখিমপুৰৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰই তেওঁলোকক প্ৰমাণপত্ৰ প্ৰদান কৰিব ।

উল্লেখ্য যে, কলগছৰ আঁহ উৎপাদন প্ৰক্ৰিয়াত উৎপন্ন হোৱা আন দ্ৰব্যসমূহ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ বাবে উপযোগী । এক সংহত প্ৰকল্প হিচাপে প্ৰকল্পটো গঢ় দিয়া হৈছে । দিনে দিনে নিয়োগৰ সম্ভাৱনাও বৃদ্ধি পাইছে । পিছে কলগছৰ অভাৱে সমস্যা সৃষ্টি কৰিছে ।

অৱশ্যে শেহতীয়াকৈ প্ৰকল্পটোৱে সামান্য সকাহ পাইছে । নগৰখনত দীপাৱলীৰ দিনা ব্যৱহাৰ হোৱা পাঁচ হাজাৰমান কলগছ পৌৰসভাই তেওঁলোকক যোগান ধৰিছে । এইখিনিৰ পৰা বৰ্তমান তেওঁলোকে পূৰ্ণোদ্যমে আঁহ আহৰণৰ কাম চলাই গৈছে ।

অসমৰ কলগছৰ আঁহ এনেদৰে দেশ বিদেশত সমাদৃত কৰোৱা আইনা ৱেলফেয়াৰ ফাউণ্ডেচনেও ৰাইজক কলৰ খেতি কৰিবলৈ আহ্বান জনাইছে । খেতি নকৰা নাইবা এনেই পৰি থকা মাটিত কলৰ খেতি কৰি এই প্ৰকল্পত যোগান ধৰি লাভাম্বিত হ’বলৈ তেওঁলোকে আহ্বান জনায় ৷

লগতে পঢ়ক : পানী মেটেকাত জীৱনৰ সন্ধান; নলবাৰীৰ অঞ্জলী বড়োৱে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.