স্প’ৰ্টছ ডেস্ক: পেৰিছ অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী তথা আলজেৰিয়াৰ বক্সাৰ ইমানে খালিফৰ লিংগ বিতৰ্ক বৰ্তমান সময়ৰ চৰ্চাৰ বিষয় । শেহতীয়াকৈ ফ্ৰান্সৰ সংবাদ মাধ্যমে তেওঁৰ চিকিৎসা প্ৰতিবেদন ফাদিল কৰাৰ পিছত বহু কথা পোহৰলৈ আহে ।
চিকিৎসা প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত বক্সাৰগৰাকী মহিলা নহৈ বৰং পুৰুষহে বুলি বিশ্বজুৰি আৰম্ভ হয় চৰ্চা ৷ সামাজিক মাধ্যমতো এই বিষয়ক লৈ ব্যাপক চৰ্চা চলা পৰিলক্ষিত হয় ৷ আনকি বক্সাৰগৰাকী পুৰুষ বুলি জানিব পৰাৰ পিছতে পেৰিছত লাভ কৰা স্বৰ্ণপদক ঘূৰাই আনিবলৈ বহুতে দাবী জনায় ৷
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙেও খালিফৰ স্বৰ্ণপদক ওভোতাই আনিবলৈ অলিম্পিক সমিতিক দাবী উত্থাপন কৰে ৷
Take the Gold back @Olympics This isn’t fair https://t.co/ZO3yJmqdpY
— Harbhajan Turbanator (@harbhajan_singh) November 5, 2024
আনহাতে, আই অ’ চিয়ে এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে যে চিকিৎসা প্ৰতিবেদন ফাদিল কৰাৰ অপৰাধত সংবাদ মাধ্যমৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ সাজু হৈছে ইমানে খালিফ ।
লগতে পঢ়ক: মহিলা নহয় পুৰুষহে; চিকিৎসা বিজ্ঞানে উদঙালে স্বৰ্ণজয়ী বক্সাৰ ইমানে খালিফৰ প্ৰকৃত সত্য
2024 চনৰ অলিম্পিকৰ সময়ত খালিফে বহু অসুবিধাৰ সন্মুখীন হৈছিল । শেহতীয়াকৈ ফাদিল হোৱা তেওঁৰ চিকিৎসা প্ৰতিবেদনৰ সন্দৰ্ভত এতিয়া মানহানিৰ গোচৰ তৰিবলৈ সাজু হৈছে বক্সাৰগৰাকী ৷ অৱশ্যে আইনী ব্যৱস্থা সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে আই অ’ চি ।
ফাদিল হোৱা চিকিৎসাৰ প্ৰতিবেদন সঁচা নেকি ? নে এই প্ৰতিবেদন অজানিতে প্ৰকাশ কৰাৰ অপৰাধত সংবাদ মাধ্যমৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব ইমানে খালিফে ?
লিংগ বিতৰ্কত ইমানে খালিফ
শেহতীয়াকৈ ফ্ৰান্সৰ সংবাদ মাধ্যমে ইমানেৰ লিংগ পৰিচয় সন্দৰ্ভত প্ৰকাশ কৰিছে চিকিৎসা প্ৰতিবেদন । খালিফৰ শৰীৰত ধৰা পৰা মূল বিষয়সমূহক কেন্দ্ৰ কৰি হতভম্ব হৈ পৰে ক্ৰীড়াজগত । এক চিকিৎসা প্ৰতিবেদনত দেখা গৈছে যে, খালিফৰ শৰীৰত আভ্যন্তৰীণ অণ্ডকোষ আৰু XY ক্ৰম’জম আছে ৷ যি মাথো কোনো পুৰুষৰ শৰীৰতহে দেখা যায় ৷ ইয়াৰ লগে লগে পুনৰবাৰ খেলুৱৈগৰাকী সোমাই পৰিছে লিংগ বিতৰ্কৰ মাজত ৷
পেৰিছৰ পৰাই আৰম্ভ সমালোচনা
পেৰিছ অলিম্পিকৰ পৰাই আৰম্ভ হৈছিল এই সমালোচনা ৷ প্ৰতিযোগিতাখনৰ অৰ্হতা ৰাউণ্ডত ইজৰাইলী বক্সাৰগৰাকীৰ বিৰুদ্ধে মাত্ৰ 46 ছেকেণ্ডত জয়লাভ কৰে ইমানেই । তেতিয়াৰে পৰাই বক্সাৰগৰাকীৰ দেহত পুৰুষৰ বৈশিষ্ট্য থকা বুলি চলি আহিছিল সমালোচনা ৷
লগতে পঢ়ক: ইমানে খালিফ প্ৰকৃততে এজন পুৰুষ; স্বৰ্ণপদক ঘূৰাই লোৱাৰ দাবী হৰভজন সিঙৰ