ETV Bharat / sports

শুকুৰবাৰৰ পৰা আৰম্ভ ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-20 শৃংখলা

Ind vs SA live match: শুকুৰবাৰে অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ টি 20 শৃংখলাৰ প্ৰথমখন মেচ ৷ ক’ত, কেনেদৰে উপভোগ কৰিব পাৰিব এইখন মেচ ?

India vs South Africa T20I Series
ভাৰত বনাম দক্ষিণ আফ্ৰিকা (AFP Photo)
author img

By ETV Bharat Sports Team

Published : 2 hours ago

স্প’ৰ্টছ ডেস্ক: ভাৰত আৰু আয়োজক দেশ দক্ষিণ আফ্ৰিকাৰ মাজত বহু প্ৰত্যাশিত 4 খন মেচৰ টি-20 শৃংখলাটো শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ৷ শৃংখলাৰ পৰৱৰ্তী মেচসমূহ 10, 13 আৰু 15 নৱেম্বৰত অনুষ্ঠিত হ'ব ।

ভাৰতে এই টি 20 শৃংখলাটোত নিজৰ প্ৰদৰ্শন বজাই ৰখাৰ চেষ্টা চলাব ৷ আনহাতে, দক্ষিণ আফ্ৰিকাই শৃংখলাটো দখল কৰিবলৈ বিচাৰিব ৷

ভাৰত-দক্ষিণ আফ্ৰিকাৰ মুখামুখি

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত থকা টি-20 অভিলেখৰ কথা ক'বলৈ হ’লে দুয়োখন দেশে টি-20 মেচত এতিয়ালৈকে 27 বাৰ মুখামুখি হৈছে ৷ য’ত ভাৰতে 15 খন মেচ জয়ী হোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই জয় লাভ কৰিছে 11 খন মেচত ৷

আগন্তুক শৃংখলাটোত মুখ্য প্ৰশিক্ষক ভি ভি এছ লক্ষ্মণৰ নেতৃত্বত টীম ইণ্ডিয়াই লাভ কৰিব এক নতুন ৰূপ ৷

ভাৰত-দক্ষিণ আফ্ৰিকাৰ মুখামুখিৰ ফলাফলসমূহ

  • সৰ্বমুঠ খেল: 27 খন
  • দক্ষিণ আফ্ৰিকাৰ জয় লাভ: 11
  • ভাৰতৰ জয় লাভ: 15
  • অমীমাংসিত: 1

ভাৰত-দক্ষিণ আফ্ৰিকাৰ চাৰিওখন টি 20 মেচৰ সকলো তথ্য

  • ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-20 শৃংখলা কেতিয়া আৰম্ভ হ'ব ?

4 খন মেচৰ টি-20 শৃংখলাটো 4 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ।

  • ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজত পোনপটীয়া টছ কিমান সময়ত অনুষ্ঠিত হ’ব ?

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথম, তৃতীয় আৰু চতুৰ্থখন টি-20 মেচৰ পোনপটীয়া টছ ভাৰতীয় সময় অনুসৰি সন্ধিয়া 8 বজাত অনুষ্ঠিত হ’ব ।

  • ভাৰত বনাম দক্ষিণ আফ্ৰিকা দ্বিতীয় টি-20 ৰ পোনপটীয়া টছৰ সময় কিমান ?

ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত এই টচ অনুষ্ঠিত হ'ব ।

  • ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-20 ৰ পোনপটীয়া মেচৰ সময় কিমান ?

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ প্ৰথম, তৃতীয় আৰু চতুৰ্থ টি-20 ৰ মেচৰ সময় হৈছে ভাৰতীয় সময় অনুসৰি সন্ধিয়া 8.30 বজা ।

  • ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টি-20 মেচ কিমান সময়ত সম্প্ৰচাৰ হ’ব ?

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টি-20 মেচ ভাৰতীয় সময় মতে সন্ধিয়া 7.30 বজাত পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব ।

  • কাক দিয়া হৈছে এই শৃংখলাৰ পোনপটীয়া সম্প্ৰচাৰৰ দায়িত্ব ?
    Sports18 - 1 SD & HD আৰু Colors Cineplex SD & HD ত এই শৃংখলাৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব ৷
  • অনুৰাগীসকলে অনলাইনৰ জৰিয়তে কিদৰে এই শৃংখলাৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰিব পাৰিব ?
    ক্ৰিকেট অনুৰাগীসকলে জিঅ’ চিনেমা এপ্লিকেচন আৰু ৱেবছাইটত বিনামূলীয়াকৈ ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-20 শৃংখলাৰ লাইভ ষ্ট্ৰীমিং উপভোগ কৰিব পাৰে ।

লগতে পঢ়ক: বিৰাট কোহলীৰ সৈতে এয়া কি হ’ল ? 10 বছৰত দেখা নাছিল এনে দিন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.