মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত পুনৰ কংগ্ৰেছৰ প্ৰতিবাদ - মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পুত্ৰৰ নামত আৱণ্টিত ভূমিক লৈ হোৱা কেলেংকাৰীক (Land grabbing allegation against Assam CM's family) কেন্দ্ৰ কৰি বুধবাৰে শিৱসাগৰ নগৰত এক প্ৰতিবাদী সমদল বাহিৰ কৰে শিৱসাগৰ জিলা কংগ্ৰেছে (congress protests against CM family's alleged land scam) । নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত চৰকাৰী ভূমি অবৈধভাৱে আৱণ্টনক লৈ ভূমি আইন উলংঘন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পুত্ৰৰ বিৰুদ্ধে ভূমি জালিয়তিৰ অভিযোগ আনিছে কংগ্ৰেছ দলে । এনে অনিয়মৰ এক নিৰপেক্ষ তদন্ত বিচাৰি শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ দলে । উচ্চ ন্যায়ালয়ৰ এজন বিচাৰকৰ দ্বাৰা এনে অনিয়মৰ তদন্ত বিচাৰি প্ৰেৰণ কৰা হৈছে এই স্মাৰক পত্ৰ ।