thumbnail

Etv Bharat news impact: গোলাঘাটৰ চয়নিকালৈ মুখ্যমন্ত্ৰীৰ সাহায্য

By

Published : Jun 15, 2021, 7:47 AM IST

সোমবাৰে গোলাঘাটৰ শিল্পী চয়নিকা সভাপণ্ডিতে মঞ্চ এৰি পাচলি বিক্ৰীৰ ব্যৱসায়ত জড়িত হোৱাৰ খবৰ সম্প্ৰচাৰিত হৈছিল ইটিভি ভাৰতৰ জৰিয়তে ৷ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে শিল্পী গৰাকীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে(Chief Minister of state) আগবঢ়ালে বিশেষ সাহায্য । উল্লেখ্য যে, কটন বিশ্ববিদ্যালয়(Cotton University)ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী(post graduate student) তথা সু-গায়িকা চয়নিকা সভাপণ্ডিতে ঘৰৰ সন্মুখতে এখন শাক-পাচলিৰ দোকান দি আৰ্থিক সংকটৰে যুঁজি আহিছিল । এই আৰ্থিক সংকটৰ পৰা সামান্য সকাহ দিয়াৰ উদ্দেশ্যে সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰেৰণ কৰা ৫০,০০০ টকাৰ এখন চেক শিল্পী গৰাকীৰ হাতত অৰ্পণ কৰে বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়িকা অজন্তা নেওগে(finance minister Ajanta Neog)। চয়নিকাৰ ঘৰত উপস্থিত হৈ এই সাহায্য প্ৰদান কৰি মন্ত্ৰী অজন্তা নেওগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চয়নিকালৈ এই সাহায্য আগবঢ়োৱাৰ কথা ব্যক্ত কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.