#Budget2022 : বাজেট সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
🎬 Watch Now: Feature Video
"কেন্দ্ৰীয় চৰকাৰৰ 2022-23 বৰ্ষৰ বাজেটে ৰাজ্যসমূহৰ অৰ্থনীতিলৈ আশাৰ সঞ্চাৰ আনিছে" এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ (CM Himanta Biswa Sarma reactions on Union budget 2022) কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ৰাজ্যসমূহৰ অৰ্থনীতিক শক্তিশালী কৰাত বাজেটে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে । ক'ভিডৰ পাছত সংকুচিত হৈ পৰা অৰ্থনীতিৰ ওপৰত বাজেটত গুৰুত্ব আৰোপ কৰা হৈছে। অসমে পাই থকা বৰ্তমানৰ কেন্দ্ৰীয় কৰৰ অংশ বৃদ্ধি কৰিছে । অৰ্থাৎ অহা বছৰ ৰাজ্যখনলৈ 5 হাজৰ কোটি টকা অতিৰিক্তভাৱে আহিব আৰু আন আন ৰাজ্য সমূহেও এই ধন লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । লগতে তেওঁ কয় যে, মূলধনী ব্যয়ৰ বাবে বিগত বছৰ কেইটাত প্ৰায় 400-600 কোটি টকা ৰাজ্যসমূহক দি অহা হৈছিল ৷ এই ক্ষেত্ৰত বিগত বছৰকেইটাত দেশৰ বাবে 10 হাজাৰ কোটি টকা বাজেট আছিল । পিছে এই হাৰ এইবাৰ এক লাখ কোটি টকালৈ বৃদ্ধি কৰিলে ৷ ইয়াৰোপৰি ৰিজাৰ্ভ বেংকে আগতে ৰাজ্যক মুঠ জি ডি পিৰ 3.5 শতাংশ ঋণ লোৱাৰ বাবে অনুমতি দিছিল । এইবাৰ বাজেটত উল্লেখ কৰা মতে, ঋণ ল'ব পৰা সক্ষমতা 3.5 শতাংশৰ পৰা 4 শতংশলৈকে বৃদ্ধি কৰা হৈছে বুলি উল্লেখ কৰাৰ লগতে এই বাজেটৰ ঘোষণাৰ দ্বাৰা ৰাজ্যখনৰ অৰ্থনীতিক ক্ষেত্ৰত আৰু অধিক শক্তিশালীভাৱে আগুৱাই নিব পৰা যাব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।