thumbnail

By

Published : Jan 5, 2022, 1:36 PM IST

Updated : Jan 5, 2022, 2:27 PM IST

ETV Bharat / Videos

Covid Situation of Assam : ৰাজ্যৰ ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী

ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM concerned about Assam covid situation) ৷ বুধবাৰে দুলীয়াজানত সংবাদ মাধ্যমৰ আগত তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে, দেশত অ’মিক্ৰণৰ ভয়াৱহতা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৷ বৰ্তমান ৰাজ্যত দৈনিক 100 জনকৈ বৃদ্ধি পাইছে ক'ভিড 19 ত আক্ৰান্তৰ সংখ্যা ৷ সম্প্ৰতি অসমত কৰ’ণা ৰোগীৰ সংখ্যা হৈছে 450 গৰাকী ৷ নতুন SOP ৰূপায়ণক লৈ 6 জানুৱাৰীত গুৱাহাটীত আলোচনাত বহিব চৰকাৰ । অসমত লকডাউন নহ'লেও নতুন SOP দিয়াৰ ইংগিত বহন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । দীঘলীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ যোৱা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা পুৱাই বিধায়ক তেৰচ গোৱালাৰ বাসগৃহত উপস্থিত হয় (Assam CM present at Duliajan MLA's house)। মুখ্যমন্ত্ৰীক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বৰাসহ কেইবাজনো বিধায়কে । তেৰচ গোৱালাৰ বাসগৃহত দেখা যায় অসংখ্য শুভাকাংক্ষী আৰু বিজেপি কৰ্মকৰ্তাৰ ভীৰ ।
Last Updated : Jan 5, 2022, 2:27 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.