হায়দৰাবাদ: ভাৰতৰ বিত্ত মন্ত্ৰণালয়ে চৰকাৰী কাৰ্যালয়ত ব্যৱহৃত Chatgpt আৰু Deep seek ৰ দৰে AI এপ্লিকেচন ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে । 2025 চনৰ 29 জানুৱাৰীৰ দিনা প্ৰকাশ কৰা হৈছিল এই নিৰ্দেশনা ৷ এই নিৰ্দেশনাৰ লক্ষ্য হৈছে চৰকাৰী গোপনীয় তথ্যক সম্ভাৱ্য নিৰাপত্তাজনিত ভাবুকিৰ পৰা সুৰক্ষা প্ৰদান কৰা ।
যুটীয়া আযুক্ত প্ৰদীপ কুমাৰ সিঙৰ স্বাক্ষৰিত জাননীখনত চৰকাৰী কাৰ্যালয়ৰ কম্পিউটাৰত এআই চালিত এপ্লিকেচনে চৰকাৰী স্পৰ্শকাতৰ তথ্য বিপন্ন কৰিব পাৰে বুলি সকীয়াই দিয়া হৈছে । এই উদ্বেগসমূহৰ সমাধানৰ বাবে মন্ত্ৰণালয়ে সকলো কৰ্মচাৰীকে চৰকাৰী যন্ত্ৰত এনে সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে ।
বিত্ত সচিবৰ পৰা অনুমোদন লাভ কৰা এই বিজ্ঞপ্তিখন ৰাজহ, অৰ্থনৈতিক পৰিক্ৰমা, ব্যয়, ৰাজহুৱা উদ্যোগ, ডিপাম, বিত্তীয় সেৱাকে ধৰি গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগসমূহত বিতৰণ কৰা হৈছে ।
বিশ্বজুৰি চৰকাৰ আৰু নিগমসমূহেও একেধৰণৰ AI ৰ নিষেধাজ্ঞা আৰোপ কৰিছে । কেবাটাও ব্যক্তিগত কোম্পানী আৰু বিশ্বব্যাপী সংস্থাই ইতিমধ্যে তথ্য প্ৰকাশ ৰোধ কৰিবলৈ AI সঁজুলিৰ ব্যৱহাৰ সীমিত কৰি ৰাখিছে ।
এই নিৰ্দেশত অফিচিয়েল ডিভাইচত AI সঁজুলিসমূহ নিষিদ্ধ কৰা হৈছে যদিও ইয়াত কৰ্মচাৰীয়ে ব্যক্তিগত ডিভাইচ কৰ্মক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব নে নাই সেইটো নিৰ্দিষ্ট কৰা হোৱা নাই । এই পদক্ষেপে ইংগিত দিয়ে যে চৰকাৰে AI গ্ৰহণৰ ক্ষেত্ৰত সতৰ্ক স্থিতি গ্ৰহণ কৰিছে, সুবিধাতকৈ তথ্য সুৰক্ষাক অগ্ৰাধিকাৰ দিছে ।
কৰ্মক্ষেত্ৰত AI ব্যৱহাৰ কৰাটো সাধাৰণ কথা হৈ পৰাৰ লগে লগে ভাৰত চৰকাৰে ভৱিষ্যতে AI ব্যৱহাৰৰ নীতি গ্ৰহণ কৰিব নে নকৰে সেয়া বৰ্তমানেও অনিশ্চিত হৈ আছে । বৰ্তমান বিত্ত মন্ত্ৰণালয়ৰ বিষয়াসকলে পৰম্পৰাগত পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব ৷ অৰ্থাৎ তেওঁলোকৰ কাৰ্যক্ষেত্ৰৰ কম্পিউটাৰৰ ওপৰত ।
কিয় এই নিষেধাজ্ঞা?
ভাৰতীয় বিত্ত মন্ত্ৰণালয়ে চৰকাৰী ডিভাইচত AI সঁজুলি নিষিদ্ধ কৰাৰ সিদ্ধান্ত নিৰাপত্তা আৰু গোপনীয়তা দিশলৈ লক্ষ্য ৰাখিয়েই গ্ৰহণ কৰিছে । চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰাৰ কিছুমান কাৰণ ইয়াত উল্লেখ কৰা হ’ল-
1/ তথ্য ফাদিল হোৱাৰ আশংকা
ChatGPT আৰু DeepSeek ৰ দৰে AI মডেলসমূহে বাহ্যিক চাৰ্ভাৰসমূহত ব্যৱহাৰকাৰী ইনপুটসমূহ প্ৰচেছ কৰে, যাৰ অৰ্থ হৈছে এই সঁজুলিসমূহত প্ৰৱেশ কৰা যিকোনো স্পৰ্শকাতৰ চৰকাৰী তথ্য সংৰক্ষণৰ লগতে আনকি অপব্যৱহাৰো কৰিব পৰা যায় । যিহেতু চৰকাৰী কাৰ্যালয়সমূহে গোপনীয় বিত্তীয় তথ্য, নীতিৰ খচৰা আৰু আভ্যন্তৰীণ যোগাযোগসমূহ নিৰীক্ষণ কৰে আনকি অনিচ্ছাকৃতভাৱে ভাগ-বতৰা কৰিলেও বিপদৰ সৃষ্টি হ’ব পাৰে ।
2/ AI মডেলৰ ওপৰত নিয়ন্ত্ৰণৰ অভাৱ
চৰকাৰী কাৰ্যালয়ত ব্যৱহৃত পৰম্পৰাগত চফ্টৱেৰৰ দৰে নহয়, AI সঁজুলিসমূহ ক্লাউড-ভিত্তিক আৰু ব্যক্তিগত কোম্পানীসমূহৰ মালিকানাধীন (যেনে ChatGPT ৰ বাবে OpenAI)। এই সঁজুলিসমূহে তথ্য কেনেকৈ সংৰক্ষণ বা প্ৰক্ৰিয়াকৰণ কৰে তাৰ ওপৰত চৰকাৰৰ কোনো প্ৰত্যক্ষ নিয়ন্ত্ৰণ নাই, যাৰ ফলত বিদেশী প্ৰৱেশ বা চাইবাৰ ভাবুকি সন্দৰ্ভত উদ্বেগ বৃদ্ধি পাইছে ।
3/ তথ্য সুৰক্ষা নীতি মানি চলা
ভাৰতে ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন (ডিপিডিপি) এক্ট, 2023 কে ধৰি অধিক শক্তিশালী ডাটা প্ৰাইভেচি আইনসমূহৰ ওপৰত কাম কৰি আছে । স্পষ্ট নিয়ম অবিহনে অফিচ ডিভাইচত AI এপৰ অনুমতি প্ৰদান কৰিলে ডাটা সুৰক্ষা নীতি উলংঘা হ’ব পাৰে, যাৰ ফলত চৰকাৰী ব্যৱস্থা দুৰ্বল হৈ পৰিব ।