ETV Bharat / technology

ইলন মাস্কৰ কোম্পানীত অভিযন্তা হিচাপে নিযুক্তি লাভ কৰিলে 22 বছৰীয়া আকাশে - INDIAN ORIGIN ENGINEER ON DOGE

বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি ইলন মাস্কৰ চৰকাৰী দক্ষতা বিভাগ (ডি অ’ জি ই) ত নিযুক্তি লাভ কৰিলে 22 বছৰীয়া ভাৰতীয় মূলৰ যুৱকে ৷

indian-origin-engineer-akash-bobba-caught-in-crossfire-against-elon-musks-doge-details-in-assamese
ইলন মাস্কৰ কোম্পানীত অভিযন্তা হিচাপে নিযুক্তি লাভ কৰিলে 22 বছৰীয়া আকাশে (X/@tariquesha1)
author img

By ETV Bharat Tech Team

Published : Feb 5, 2025, 3:04 PM IST

হায়দৰাবাদ: ভাৰতীয় মূলৰ অভিযন্তা আকাশ বব্বাই নিযুক্তি লাভ কৰিলে ইলন মাস্কৰ চৰকাৰী দক্ষতা বিভাগ (ডি অ’ জি ই) ত ৷ সোমবাৰে ৱায়াৰ্ডে প্ৰকাশ কৰা অনুসৰি চৰকাৰী দক্ষতা বিভাগৰ নেতৃত্বত গঠিত টেছলাৰ মুৰব্বী ইলন মাস্কে ছয়জন যুৱ অভিযন্তাৰ এটা দলক নিযুক্তি প্ৰদান কৰিছে । 19 ৰ পৰা 24 বছৰ বয়সৰ এই দলটোত আছে এডৱাৰ্ড ক’ৰিষ্টিন, লুক ফেৰিটৰ, গ’টিয়েৰ ক’ল কিলিয়ান, গেভিন ক্লিগাৰ, ইথান ছাওট্ৰান ।

এই অভিযন্তাসকলে এতিয়া অফিচ অৱ পাৰ্ছনেল মেনেজমেণ্ট (অ’পিএম) আৰু জেনেৰেল চাৰ্ভিচেছ এডমিনিষ্ট্ৰেচন (জিএছএ)ৰ দৰে সংস্থাৰ ভিতৰত গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত । চৰকাৰী কাম-কাজৰ অভিজ্ঞতাৰ অভাৱৰ লগতে গুৰুত্বপূৰ্ণ তথ্য তদাৰক কৰা তেওঁলোকৰ ভূমিকাই সমালোচকসকলৰ মাজত উদ্বেগ প্ৰকাশ কৰিছে ।

কোন এই আকাশ বব্বা?

আকাশ বব্বাই বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল, য’ত তেওঁ ভৱিষ্যতৰ টেক উদ্যোগৰ নেতাসকলৰ বাবে ডিজাইন কৰা মেনেজমেণ্ট, এণ্টাৰপ্ৰেনিউৰশ্বিপ, এণ্ড টেকন’লজি (এমইটি) কাৰ্যসূচীৰ অংশ আছিল বুলি সম্প্ৰতি তেওঁ ডিলিট কৰা লিংকডইন একাউণ্টত প্ৰকাশ পাইছে ।

DOGE ত যোগদান কৰাৰ পূৰ্বে 22 বছৰীয়া আকাশে মেটা, পালন্টিৰ আৰু হেজ ফাণ্ড ব্ৰীজৱাটাৰ এছ’চিয়েটছত ইন্টাৰ্ণশ্বিপ কৰিছিল, এআই, ডাটা এনালাইটিক্স, আৰু ফাইনেন্সিয়েল মডেলিঙৰ কাম কৰিছিল ।

বাৰ্কলেৰ এজন সহপাঠীয়ে আকাশৰ সমস্যা সমাধানৰ দক্ষতাৰ কথা সোঁৱৰি এটা কাহিনী X যোগে শ্বেয়াৰ কৰিছে । সহপাঠীগৰাকীয়ে X ত লিখিছে, ‘বাৰ্কলেৰ এটা প্ৰজেক্টৰ সময়ত মই ভুলবশতঃ সময়সীমাৰ 2 দিন পূৰ্বে আমাৰ সমগ্ৰ ক’ডবেছটো ডিলিট কৰি দিলোঁ ৷ মই কিংকৰ্তব্যবিমূঢ় হৈ পৰিলো । আকাশে মাত্ৰ স্ক্ৰীণখনলৈ চাই থাকিল, কান্ধত হাত থ’লে আৰু এৰাতিতে মোৰ প্ৰজেক্টটো সম্পূৰ্ণ কৰি দিলে - যিটো পূৰ্বৰ তুলনাত উন্নত । আমি নিৰ্ধাৰিত সময়তকৈ সোনকালে জমা দিলো প্ৰজেক্টটো আৰু ক্লাছত প্ৰথম স্থান পালো ।"

ৱায়াৰেডৰ মতে, আকাশ ব’বাৰ হাতত জিএছএৰ সক্ৰিয় ইমেইল আৰু এ-ছুইট লেভেল ক্লিয়াৰেন্স আছে, যাৰ ফলত তেওঁ জিএছএৰ সকলো ভৌতিক স্থান আৰু আইটি চিষ্টেমৰ প্ৰৱেশৰ সুবিধা লাভ কৰে ।

ইলন মাস্কৰ নেতৃত্বত DOGEৰ লক্ষ্য হৈছে প্ৰযুক্তি আৰু অটোমেচনৰ জৰিয়তে চৰকাৰী কাৰ্যকলাপ সুশৃংখলিত কৰা ।

মাস্কে কিয় নিযুক্তি প্ৰদান কৰিছে যুৱ অভিযন্তাক?

মাস্কৰ চৰকাৰী দক্ষতাৰ অভিলাষী অভাৰহ’লৰ ছয়জন যুৱ নিযুক্তিপ্ৰাপ্তৰ ভিতৰত ব’বা মাত্ৰ এজন । DOGE ৰ বাকী দলটো শেহতীয়াকৈ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰা, শিক্ষাৰ্থী আৰু স্পেচএক্সৰ প্ৰাক্তন ইন্টাৰ্ণৰ মিশ্ৰণেৰে গঠিত—যিসকলৰ প্ৰত্যেকৰে এতিয়া চৰকাৰী ইমেইল আৰু শীৰ্ষ পৰ্যায়ৰ নিৰাপত্তাৰ অনুমতি আছে ।

প্ৰতিবেদন অনুসৰি ছয়জন নতুন নিযুক্তিৰ ভিতৰত কমেও চাৰিজনক—ব’ব্বাকে ধৰি—শীৰ্ষ পৰ্যায়ৰ নিৰাপত্তাৰ অনুমতি দিয়া হৈছে । কিন্তু এই যুৱকসকলৰ কোনো এজনৰে লোকসেৱা বা চৰকাৰী প্ৰশাসনৰ ক্ষেত্ৰত পূৰ্বৰ অভিজ্ঞতা নাই ।

লগতে পঢ়ক: গ্ৰ’ক এআইত স্বাস্থ্যজনিত নিদান সম্ভৱ বুলি দাবী ইলন মাস্কৰ; ‘Hey Liar’ বুলি সম্বোধন ভাৰতীয় চিকিৎসকৰ

সুৰক্ষা সম্বন্ধীয় চৰ্ত পূৰণ কৰিব পাৰিলেই ভাৰতত প্ৰৱেশ কৰিব পাৰিব ইলন মাস্কৰ ষ্টাৰলিংকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.