ক'ল ইণ্ডিয়া কৰ্তৃপক্ষৰে মিলিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা - উত্তৰ পূৱ কয়লা ক্ষেত্ৰ বন্ধ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 19, 2021, 8:49 PM IST

শনিবাৰে মাৰ্ঘেৰিটাৰ ক'ল ইণ্ডিয়াৰ দিহিং গেষ্ট হাউচত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ ইয়াৰ পাছতে উত্তৰ-পূৱৰ কয়লা ক্ষেত্ৰ বন্ধ হৈ থকা বিষয়টোৰ সন্দৰ্ভত ক'ল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷ পৰিৱেশ সংক্ৰান্তীয় দিশসমূহ অধ্যয়নৰ বাবে দিল্লীত অহা মাহত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত ‌হ'ব বুলি জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে কয়লা ক্ষেত্ৰ পুনৰ মুকলি হোৱাতো বিচাৰে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে উত্তৰ-পূৱৰ কয়লা ক্ষেত্ৰ লোকচানত চলি থকাৰ বাবে ব্যক্তিগতকৰণৰ কথা নাহে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইফালে অনাগত সময়ত মাৰ্ঘেৰিটাৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰা হ'ব বুলি জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.