ছয়গাঁৱত বানৰ তাণ্ডৱ - ছয়গাঁও
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3825327-thumbnail-3x2-oo.jpg)
ছয়গাঁও, ১৩ জুলাই : ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছয়গাঁও সমষ্টিৰ গৰৈমাৰী ৰাজহ চক্ৰ এলেকাৰ কুৰিখনৰো অধিক গাঁও জলমগ্ন কৰিছে ৷ অঞ্চলটোৰ আচলপাৰা,বাঘমাৰা,সৰলসুতি,টপাৰপথাৰ,বৰাখাট,খলিহামাৰী,আলিকাষ,জাহিজপুৰ,বাতাহিদিয়া চৰকে ধৰি কুৰিখনৰো অধিক গাঁও বৰ্তমান জলমগ্ন হোৱাৰ লগতে পানীত বুৰ গৈছে হেজাৰ হেজাৰ কৃষিভূমি ৷ বানপানীৰ ফলত পশুধনৰ বাবেও সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি৷ আনহাতে বিগত দিনকেইটাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গৰৈমাৰী কালাতলী মথাউৰিটোৰ ঠায়ে ঠায়ে বৃহৎ ফাট মেলাত মথাউৰিৰ দক্ষিণফালে থকা লোক সকল শংকিত হৈ পৰিছে ৷