thumbnail

By

Published : Nov 10, 2021, 8:57 PM IST

ETV Bharat / Videos

সূৰ্য পূজাৰ মাংগলিক বিধিৰে লোকে লোকাৰণ্য হৈ পৰিল নগাঁৱৰ নেহেৰুবালি

সূৰ্য পূজাৰ মাংগলিক কাৰ্য আয়োজনৰ বাবে লোকে লোকাৰণ্য হৈ পৰিছে নগাঁৱৰ নেহেৰুবালি । ক’ভিড সৃষ্ট ভয়াৱহ পৰিস্থিতিৰ মাজতো চৰকাৰী নীতি নিৰ্দেশনা মানি নগাঁৱৰ সূৰ্য সষ্ঠী সমাজ কল্যান সমিতিৰ উদ্যোগত নগাঁৱৰ নেহেৰুবালিৰ বিজয়া দশমী ঘাতত অনুষ্ঠিত কৰা হৈছে সূৰ্য দেৱতাৰ পূজা অৰ্চনা ৷ ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতিৰে লোকাৰণ্য হৈ পৰিছে কলং সুঁতিৰ পাৰ ৷ বহু ভক্তই বিভিন্ন সংকল্পৰে নিজ নিজ বাসগৃহৰ পৰা সষ্টাংগে প্ৰণিপাত জনাই সূৰ্য দেৱতাৰ আৰ্শীবাদ বিচাৰি উপস্থিত হ’লহি নেহেৰুবালিৰ বিজয় দশমী ঘাটত ৷ স্বামীৰ দীৰ্ঘায়ু কামনা কৰি বহু মহিলাই পানীত নামি পূজা কৰিছে সূৰ্য দেৱক, আন কোনোৱে আকৌ ঘৰৰ শ্ৰীবৃদ্ধিৰ বাবে কৰিছে পূজা-অৰ্চনা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.