thumbnail

গোৱালপাৰাত মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত চেক বিতৰণ

By

Published : Feb 7, 2022, 9:50 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মাইক্ৰ'ফাইনেন্সৰ হিতাধিকাৰী মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । মহিলাসকলক সহায়ৰ বাবে চৰকাৰে বিভিন্ন জিলাত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ (Assam Micro Finance Incentive and Relief Scheme) অধীনত চেক বিতৰণ আৰম্ভ কৰিছে । শেহতীয়াকৈ সোমবাৰে গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত ডি.এন. সিনহা ষ্টেডিয়ামত আয়োজন কৰা হয় চেক বিতৰণৰ বিশেষ কাৰ্যসূচী (Cheques Distribution under microfinance loan waiver scheme)। এই চেক প্ৰদান কাৰ্যসূচীত উপস্থিত থাকি গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে (Minister Ajanta Neog at goalpara) জিলাখনৰ নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি থকা মুঠ 5760 গৰাকী হিতাধিকাৰীক চেক বিতৰণ কৰে (Cheques Distribution at Goalpara) ৷ ইতিমধ্যে চৰকাৰে মাইক্ৰ'ফাইনেন্সৰ ঋণ পৰিশোধৰ বাবে জিলাখনত ৪৯ কোটি টকা আৱন্টন দিছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে জানিব দিয়ে ৷ পিছে তাৎপৰ্যকৰ বিষয়, আজিৰ এই আচনিৰ শুভাৰম্ভ অনুষ্ঠানত জিলাখনৰ চাৰিটা সমষ্টিৰ এজনো বিধায়ক উপস্থিত থকা দেখা নগ’ল । চেক বিতৰণৰ বিশেষ অনুষ্ঠানটোত ১৪ গৰাকী মহিলাক ৰাজহুৱা ভাৱে চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.