হিমাচল প্ৰদেশৰ লাহোল স্পিতিত ভয়াৱহ ভূমিস্খলন - LANDSLIDE LAHAUL SPITI
🎬 Watch Now: Feature Video
হিমাচল প্ৰদেশৰ কিন্নৌৰ জিলাৰ পিছত এইবাৰ লাহোল স্পিতিত সংঘটিত হৈছে ভয়াৱহ ভূমিস্খলনৰ ঘটনা ৷ এই ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা চন্দ্ৰভগা নদীত বাগৰি পৰিছে বৃহৎ পৰিমাণৰ মাটি,শিলাখণ্ড,গছ-গছনি আদি ৷ যাৰ ফলত চন্দ্ৰভগা নদীৰ প্ৰবাহ সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে ৷ নদীৰ প্ৰবাহ বন্ধ হৈ পৰাৰৰ বাবে ডাঙৰ বিপদ হোৱাৰ আশংকাত শংকিত হৈ পৰিছে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোক ৷ প্ৰাপ্ত খবৰ মতে,শুকুবাৰে পুৱা প্ৰায় 9 মান বজাত সমগ্ৰ পাটন উপত্যকাত পাহাৰ খহি পৰাৰ শব্দ শুনা গৈছিল ৷ বৰ্তমানেও উক্ত ভূমিস্খলন অব্যাহত আছে ৷ নদীখনৰ প্ৰবাহ বন্ধ হৈ পৰাৰ বাবে জাহালমাৰ পৰা কিলাদ উপত্যকালৈ ৰাস্তাৰ কাষত বাস কৰা লোকসকলৰ জীৱনলৈ ভাবুকি আহিছে ৷ নদীখনৰ গতি বন্ধ হোৱাৰ লগে লগে জুণ্ডাৰ পৰা জব্ৰাঙলৈ নদীৰ দুয়োপাৰ পানীত ডুবিবলৈ আৰম্ভ কৰিছে ৷ ইফালে লাহোল উপত্যকাত বান সমস্যা উদ্ভৱ হোৱাৰ খবৰ পোৱা গৈছে ৷ তথ্য পোৱাৰ পিছতে প্ৰশাসনৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷