thumbnail

By

Published : Nov 18, 2019, 8:48 PM IST

ETV Bharat / Videos

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিবাদ

ৰাজ্যজুৰি বাওঁ গণতান্ত্ৰিক দল সমূহৰ উত্তাল প্ৰতিবাদ সোমবাৰে । বিজেপি নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰে আগন্তক শীতকালীন অধিবেশনত সাংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ উত্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ৰাজ্যত তীব্ৰ প্ৰতিবাদে গা কৰি উঠিছে ৷ মহানগৰীৰ গুৱাহাটী ক্লাৱত কেবৰ বিৰুদ্ধে ৯ টাকৈ বাওঁ গণতান্ত্ৰিক দলে সাব্যস্ত কৰিলে প্ৰতিবাদ । ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদান কৰিব বিচৰা এই বিধেয়ক সাম্প্ৰদায়িক আৰু সংবিধান বিৰোধী আখ্যাৰে শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ ধুবুৰীৰ বিলাসীপাৰা চহৰৰ গান্ধী চকতো দেখা গ'ল প্ৰতিবাদৰ জোৱাৰ৷ বাঁও গণতান্ত্ৰিক মঞ্চৰ আহ্বানত দুই শতাধিক নেতা কৰ্মীয়ে বিলাসীপাৰাত দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে জাতি ধ্বংসী বিধেয়ক খন বাতিলৰ দাবীত৷ বঙাইগাঁৱতো নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নকৰাৰ দাবীত চিপিআইএম,চিটু সহ বাওঁ গণতান্ত্ৰিক মৰ্চাই প্ৰতিবাদ সাব্যস্ত কৰে৷ পুৱাৰে পৰা চি পি আই এম চিটু সহ বাওঁ গণতান্ত্ৰিক মৰ্চাৰ প্ৰতিবাদীকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্তৰ জড়িয়তে প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ইফালে ধেমাজিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ পৰিষদেও সাব্যস্ত কৰে প্ৰতিবাদ৷ সোমবাৰে বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ধেমাজি সদৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে৷ গোৱালপাৰাত চিপিআই (এম)সহ ৩ টা সংগঠনে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে যোৰহাটত নাগৰিকৰ মাজত প্ৰচাৰ প্ৰত্ৰিকা বিতৰণ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷  ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অসমত অবৈধ ভাৱে প্ৰৱেশ কৰি বসবাস কৰি থকা প্ৰায় ২০ লাখ হিন্দু বাংলাদেশী নাগৰিকে অসমত ভাৰতীয় নাগৰিকত্ব লাভ কৰাতো নিশ্চিত বুলি দাবী কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অনাগত সময়য় বিধেয়কখথন গৃহীত হ'লে পৰিস্থিতি অগ্নিগৰ্ভা হোৱাৰ হুংকাৰ দিয়ে ৷ একেদৰে তেজপুৰতো বাওঁ গণতান্ত্ৰিক চাৰিটাকৈ সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বাইহাটা চাৰিআলিটো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যোৰহাটৰ দৰে CAB ৰ বিৰুদ্ধে বিতৰণ কৰে প্ৰচাৰ পত্ৰিকা । আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিবেশনত যাতে CAB গৃহীত কৰিব নোৱাৰে তাৰ বিৰুদ্ধে এই প্ৰচাৰ পত্ৰিকা বিতৰণৰে প্ৰতিবাদ সাব্যস্ত কৰে বাইহাটা চাৰিআলি কৃষক মুক্তি সংগ্ৰাম পৰিষদৰ সদস্যসকলে৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.