বুধবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি বুঢ়াপাহাৰ আৰু বান্দৰডুবি বনাঞ্চল

By

Published : Oct 27, 2021, 4:50 PM IST

thumbnail
পৰ্যটকৰ বাবে আজিৰে পৰা মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ আৰু বান্দৰডুবি বনাঞ্চল ৷ ২০২১-২০২২ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হয় এই দুই বনাঞ্চল ৷ কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ লগতে বহু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত পৰ্যটকৰ বাবে বনাঞ্চলখনৰ ১৫ কিল’মিটাৰ এলেকা মুকলি কৰি দিয়া হয় ৷ ১৯৩৮ চনৰ পৰা পৰ্যটকৰ বাবে মুকলি হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ বুঢ়াপাহাৰ বনাঞ্চলো বুধবাৰে মুকলি কৰা হৈছে ৷ মহাবাহুৰ নৈসৰ্গিক শোভা দৰ্শনৰ লগে লগে কাজিৰঙাৰ হৃদপিণ্ডস্বৰূপ 'Big Five Animal' ৰ বিচৰণস্থলী বুঢ়াপাহাৰ বনাঞ্চলৰ লগতে প্ৰায় চাৰিবছৰ পূৰ্বে বেদখলমুক্ত হোৱা বান্দৰডুবিও মুকলি কৰা হয় ৷ উক্ত অনুষ্ঠানত সঞ্চালক পি শিৱকুমাৰ, দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ কমাণ্ডেণ্ট মুকুল শইকীয়া, কলিয়াবৰৰ মহকুমাধিপতি, ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অংশগ্ৰহণ কৰে ৷

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.