য’ত ভাড়াত চলে এখন দলং...

🎬 Watch Now: Feature Video

thumbnail
কামৰূপ-নলবাৰী সীমান্তৰ ৰঙিয়াৰ খোপনিকুছিৰ নোনা নৈৰ ওপৰত ৰাইজে গাঠিৰ ধন ভাঙি সাজিছে দলং । দলংখন পাৰ হ’বৰ বাবে প্ৰত‍্যেকেই ৩ টকাৰ পৰা ২০ টকা পৰ্যন্ত ভৰিবলগীয়া হয় । যি সকলে টকা দিব নোৱাৰে তেওঁলোকে নদীৰ ওপৰেৰে বিপদ সংকুল যাতায়ত কৰিবলৈ বাধ্য হয় । এই দলংখনেৰে নিতৌ শ শ লোকে যাতায়ত কৰে । বিশেষকৈ, নলবাৰী জিলাৰ প্ৰায় দহখনতকৈও অধিক গাঁৱৰ ৰাইজে বিভিন্ন কামৰ বাবে এইখন দলং ব‍্যৱহাৰ কৰে । বাৰিষা প্ৰায়েই নোনা নৈৰ ওপৰৰ দলং উটি যায় আৰু প্ৰতিবাৰেই ৰাইজে নিজে সাজি লয় এখন নতুন দলং । কোনোবাটো বাৰিষাত তিনিবাৰ পৰ্যন্ত দলং সাজিবলগীয়া ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.